হাফলঙত আছেহি থ্ৰী ইডিয়টছৰ হিৰ’

অসমলৈ আহিছে ফুংচুক বাংগৰু
থ্ৰী ইডিয়টছৰ ফুংচুক ৱাংগৰু বৰ্তমান হাফলঙত আছে৷
কালিয়েই অসমলৈ অহা লোকজন প্ৰথমে ডিফুত উপস্থিত হৈছিল৷ তাৰ পিছত তেওঁ হাফলঙলৈ ৰাওনা হৈছে৷
বাস্তৱ জীৱনত লাডাখৰ সোণম ৱাংচুক নামৰ লোকজন জন্মভূমিৰ অৱস্থাক লৈ চিন্তিত৷ লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণাৰ পিছত ভৱিষ্যতৰ চিন্তাই তেওঁক জৰ্জৰিত কৰিছে৷
সেয়ে লাডাখৰ বাবে মাজতে তেওঁ কৰিছিল আমৰণ অনশন৷ পিছে কেন্দ্ৰীয় চৰকাৰৰদৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে প্ৰাকৃতিক বিজ্ঞানীজনে৷
তেনেতে তেওঁ লাভ কৰিলে হাফলঙৰ খবৰ৷ দেশৰ সবাতোকৈ পুৰণি ষষ্ঠ অনুসূচীৰ অঞ্চল হিচাপে হাফলং কেনেকৈ চলি আছে সেই বিষয়ে পৰ্যৱেক্ষণৰ বাবে অসমলৈ ঢপলিয়াই আহি ৱাংচুক৷
জন্মভূমিৰ বাবে কোন তৰহৰ শাসন পদ্ধতি উৎকৃষ্ট হ’ব সেয়াই ৱাংচকুৱে হাফলঙত নিৰীক্ষণ কৰিছে৷ তেওঁ ভ্ৰমণসূচীৰ বিষয়ে অৱশ্যে বিস্তাৰিতভাৱে প্ৰকাশ কৰা হোৱা নাই৷
কিন্তু অসম বিশ্ববিদ্যালয়ৰ এখন আলোচনা চক্ৰতো অংশগ্ৰহণ কৰিছে ৱাংচুকে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email