২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সাধাৰণতে প্ৰতিখন ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত উপস্থিত আছিল নৰেন্দ্ৰ মোদী শেহতীয়াকৈ হাৰিয়ানাৰ বাদে সৰ্বত্ৰ শেষৰ ২৪ ঘণ্টাত প্ৰধানমন্ত্ৰীয়ে নিজেই চম্ভালিছিল প্ৰচাৰৰ দায়িত্ব তেওঁ শেষ দিনটোত সচৰাচৰ সম্বোধন কৰিছিল ধাৰাবাহিক সভা কিন্তু ঝাৰখণ্ডত তাৰ ব্যতিক্ৰম হ’ল৷ ৰাজ্যখনত অন্তিম দিনত মোদী উপস্থিত নাথাকিল৷
কিন্তু বিজেপিৰ হৈ প্ৰচাৰৰ ধুমুহা সৃষ্টি কৰি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে তথাপি ভাগৰ নলগাকৈ দৌৰি-ঢাপৰি শৰ্মাই হেলিকপ্টাৰত পৰিভ্ৰমণ কৰিলে খৰখেদাকৈ অংশগ্ৰহণ কৰিলে কেবাখনো বৈঠকত৷ সময়সীমা যাতে উকলি নাযায় তাৰ প্ৰতি সতৰ্ক হৈ কেবাখনো সভাৰ পৰা দৌৰি গৈ হেলিকপ্টাৰত বহিল অসমৰ মুখ্যমন্ত্ৰী দলে ন্যস্ত কৰা দায়িত্ব পালন কৰি তেওঁ কেবাজনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে সমৰ্থকৰ সৈতে ছেলফিও উঠিল অসমৰ মুখ্যমন্ত্ৰী৷ তথাপি নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ প্ৰচাৰৰ মোখনি মাৰিবলৈ সক্ষম হ’ল অন্তিমটো দিনত ঝাৰখণ্ড কঁপাই হিমন্ত বিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰিলে বিস্তীৰ্ণ এলেকা সমৰ্থকক নিৰাশ নকৰাকৈ সংগও দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ কিন্তু সুকলমে পালন কৰিলে দলীয় দায়িত্ব৷ মোদীৰ সলনি তেওঁ ঝাৰখণ্ডত কঁপাই তুলিলে শাসকীয় দলৰ ভেটি৷ ঝাৰখণ্ডত বিজেপিৰ কেন্দ্ৰীয় কৰ্ণধাৰৰ নেতা হিচাপে শৰ্মাই খেল সলনি কৰি পেলালে তেওঁৰ ঘোষণাৰ বাবে ৰাজ্যখনত বাংলাদেশীৰ অনুপ্ৰৱেশ নিৰ্বাচনী ইছ্যু হৈ পৰিল আদিবাসীৰ ভূমি বাংলাদেশীয়ে দখল কৰিছে বুলি ভোটাৰৰ মনত সুমুৱাই দিবলৈ শৰ্মা সক্ষম হ’ল৷ গতিকে বৰ্তমান প্ৰশ্ন উঠিছে, বিজেপিত মোদীৰ উত্তৰাধিকাৰী হিচাপে পৰিগণিত হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা? কট্টৰ হিন্দুত্বৰ শ্ল’গানেৰে তেওঁ RSSৰো ব্লু আইড বয় হৈ পৰিছে
গতিকে উত্থান নিশ্চিত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ৷