TAD/ST/59/97/5 নম্বৰৰ চিঠিখনত কি আছিল?

কোচ-ৰাজবংশীয়ে কেতিয়াও নাপায় জনজাতিৰ মৰ্যাদাটেঁটু ফালি চিঞৰি আন্দোলন কৰিলেও লাভ নাই কোচ-ৰাজবংশীৰ জনজাতিকৰণত প্ৰফুল্ল মহন্তই তাহানিতে তলা লগাই থৈ গৈছেমুখ্যমন্ত্ৰী হৈ থকা সময়তে প্ৰফুল্ল মহন্তই বন্ধ কৰি থৈছে কোচ-ৰাজবংশীয়ে  জনজাতিৰ স্বীকৃতি পোৱাৰ পথসত্য কথাটো হৈছে অগপ চৰকাৰৰ কাৰ্যকালত দিল্লীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল TAD/ST/59/97/5 নম্বৰৰ চিঠিখনত আছিল বিস্ফোৰক তথ্যউক্ত পত্ৰখনৰ জৰিয়তে অসমৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ নকৰিবলৈ দিল্লীক  মহন্ত চৰকাৰে আহ্বান জনাইছিল বিশেষ পত্ৰখন ১৯৯৭ চনৰ ১০ ছেপ্টেম্বৰত প্ৰেৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছিল আক্ৰাছুৱে দৰাচলতে তেতিয়া চৰকাৰে নবীকৰণ কৰা নাছিল কোচ-ৰাজবংশীৰ জনজাতিকৰণৰ অধ্যাদেশ৷ পৰিণতিত তেতিয়াই জনজাতিকৰণৰ দুৱাৰ প্ৰায় বন্ধ হৈছিল বিষয়টোত মূল ভূমিকা লৈছিল প্ৰফুল্ল মহন্তই৷ ১৯৯৭ চনৰে ১৮ ছেপ্টেম্বৰত দিল্লীত জনজাতিকৰণৰ বিষয়ত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল সেই সভালৈয়ো আক্ৰাছুক নিমন্ত্ৰণ কৰা নাছিল চৰকাৰে৷ তেতিয়াও কিন্তু অগপত আছিল ফণীভূষণ চৌধুৰী, দ্বিগেন বৰা, ভূপেন ৰয় আৰু মোহন দাসৰ দৰে কোচ-ৰাজবংশী বিধায়ক৷ তেওঁলোকেও নিজৰ  জনগোষ্ঠীৰ বাবে একো নামাতিলেসেয়ে দিল্লীয়েও সাধাৰণ জনতাক প্ৰতাৰণাৰ সুযোগ লাভ কৰিছে অলপতে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামেও বিষয়টো বিবেচনাধীন হৈ  আছে বুলিহে ঘোষণা কৰিছে গতিকে এই বিষয়টো যে সম্পূৰ্ণ অপ্ৰাসংগিক সেয়াও প্ৰতিপন্ন হৈ পৰিছে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email