শুনিলে মন ভৰি যোৱা সুৰযেন শুনিয়েই থাকিব পাৰি সেই সুৰআমি ক’বলৈ ওলাইছো মিচিং ৰাসৰ কথা৷ মাজুলী বুলিলেই কব পাৰি ৰাসোৎসৱৰ কথাশৰৎ কালৰ ৰাস অবিহনে মাজুলী অপূৰ্ণ৷ নদীদ্বীপটো আকৌ থলুৱা মিচিং অবিহনে অপূৰ্ণমাজুলী আৰু মিচিং ৰাইজ সমাৰ্থক৷ গতিকে জন্মঠাইৰ পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ মিচিং ৰাইজেও এইবাৰ আয়োজন কৰিছে কৃষ্ণলীলাৰ প্ৰদৰ্শনএই ৰাসখন কিন্তু ব্যতিক্ৰম৷ কাৰণ ৰাসখনৰ সংলাপ আৰু গীত গোৱা হৈছে মিচিং ভাষাতমাজুলীৰ এজাৰগুৰিত খেৰসূতি জনজাতি কৃষ্টি সংঘই আয়োজন কৰিছে মিচিং ভাষাৰ ৰাস তাৰ বাবেই চলি আছে আখৰামিচিং যুৱক-যুৱতীয়ে পূৰ্ণোদ্যমে ৰাসত অভিনয়ৰ অনুশীলন কৰিছেগোপ-গোপী হৈ নৃত্য কৰিবলৈ হাজাৰোধিকে কৰিছে আখৰাতেওঁলোকেও কৰিব ৰাস৷ ঐনিতমৰ সুৰত ৰাসৰ গীত গাই তেওঁলোকে শ্ৰীকৃষ্ণৰ আখ্যান বৰ্ণনা কৰিব অসুৰেও মাতিব ৰাসৰ সংলাপমিচিং ভাষাত সংলাপ মাতি প্ৰৱেশ কৰিব কালকেতুৱে