ক’লৈ গৈছে হিন্দু ছোৱালী!

কেৱল বোৱাৰীয়েই নহয়, ঘৰৰ পৰা অন্তৰ্ধান হৈছে হিন্দু ছোৱালীবোৰো৷
হয়, হঠাতে নিৰুদ্দেশ হৈছে অসমৰ বহু ছোৱালী৷ ডিব্ৰুগড়ৰে মৃদুস্মিতা বৰুৱা নামৰ ছাত্ৰীগৰাকী ছদিনে নিৰুদ্দিষ্ট হৈ থকাৰ পিছত আজি মৃতদেহ উদ্ধাৰ হৈছে৷
অকল মৃদুস্মিতাই নহয়, যোৱা কিছুদিনৰ ভিতৰত সাতগৰাকী যুৱতী হৈছে সন্ধানহীন৷ তেওঁলোকৰ সকলো আকৌ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী৷
আজি মৃতদেহ উদ্ধাৰ হোৱা মৃদুস্মিতাৰ ঘৰ হৈছে ডিব্ৰুগড়ৰ বৰবৰুৱাত৷ আনকেইগৰাকী যুৱতীও উজনিৰে বুলি আমি তথ্য লাভ কৰিছোঁ৷
দৰিদ্ৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাই৷
পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছোৱালীবোৰ নিৰুদ্দেশ হোৱাৰ মূল কাৰণ হৈছে প্ৰেমজনিত৷ কৈশোৰতে প্ৰেমে মতলীয়া কৰাৰ পিছত তেওঁলোক ঘৰৰ পৰা ওলাই গৈ অপঘাত মৃত্যুৰ সন্মুখীন হৈছে৷
তদুপৰি এইসকল কিশোৰী মুছলমান প্ৰেমিকৰ প্ৰেমত মতলীয়া হোৱ বুলিও প্ৰকাশ কৰিছে পৰিয়ালে৷ লাভ জেহাদৰ সন্মুখীন হোৱা কিশোৰী ঘৰ এৰি পলাই গৈছে৷ কিন্তু প্ৰেমৰ ফলত সন্মুখীন হৈছে বিষম পৰিণতিৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email