ক’ত ক’ত মাৰিব নোৱাৰিব ফিটা!

সুযোগ বুজি বক্ষ প্ৰদেশত হাত ফুৰাই, পেটৰ জোখ লোৱাৰ সময়ত হাত দিয়ে নাভিত৷
সেয়ে কাপোৰ চিলাবলৈ মন গ’লেও কিন্তু পুৰুষ দৰ্জীৰ ওচৰলৈ যাবলৈয়ো মন নাযায় বহু মহিলাৰ৷ দেহৰ প্ৰতিটো অংগতে ফিটা টানি দৰ্জীয়ে লোৱা জোখ বহুতৰে বাবে হৈ পৰে অস্বস্তিৰ কাৰণ৷
গতিকে যোগী আদিত্যনাথৰ ৰাজ্যত নতুন নিয়ম প্ৰৱৰ্তনৰ দিহা কৰা হৈছে৷ মহিলা গ্ৰাহিকাৰ কাপোৰৰ জোখ যাতে কেৱল স্ব-লিংগৰ দৰ্জীয়েই লয় তাৰ নীতি প্ৰচলনৰ উদ্যোগ লৈছে সামাজিক সংস্থাই৷
কোনো দৰ্জীয়ে যাতে সুবিধা বুজি মহিলাৰ গোপন অংশ স্পৰ্শ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ প্ৰেৰণ কৰা হৈছে প্ৰস্তাৱ৷
গতিকে এই বিষয়ত চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশ মহিলা আয়োগে৷ সংস্থাটোৱে চৰকাৰলৈ পঠিওৱা প্ৰস্তাৱ অনুসৰি মহিলা দৰ্জীয়েই যাতে সকলো নাৰীৰ বস্ত্ৰ চিলাব পাৰে সেই আইন শীঘ্ৰে প্ৰণয়ন কৰিব লাগে৷
অৰ্থাৎ কোনো মহিলাই যাতে কাপোৰ চিলোৱাৰ বাবে জোখ দিয়াৰ অৰ্থে পুৰুষ দৰ্জীৰ ওচৰত অস্বস্তিত ভুগিব নালাগে সেয়া নিশ্চিত কৰিবলৈ তেওঁলোকে দাবী জনাইছে৷
অৱশ্যে এই বিষয়টোত চৰকাৰ এইপৰ্যন্ত হৈ আছে নীৰৱ৷ আনহাতে সকলো যোগাসন কেন্দ্ৰ আৰু ব্যায়ামাগাৰতো মহিলা প্ৰশিক্ষক নিযুক্তিৰ দাবী তুলিছে সংস্থাটোৱে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email