মিঞাৰ অগ্নিকন্যা শিখা শৰ্মাৰ কি খবৰ?

অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ শিখা শৰ্মা জিন্দাবাদ

চৰৰ কোনো দৰিদ্ৰ মিঞা তেতিয়া আছিল শিখা শৰ্মা নামৰ বহুৰূপী মহিলাগৰাকীৰ অনুৰাগী৷ নিজকে একেধাৰে লেখিকা, গায়িকা, ৰাজনৈতিক নেত্ৰী ইত্যাদি অলেখ বিশেষণেৰে বিভূষিত কৰা শিখা শৰ্মাও আছিল মিঞাৰ ত্ৰাণকৰ্তা৷
বটদ্ৰৱাত মিঞাক উচ্ছেদৰ সময়ত হুকহুকাই কান্দিছিল শিখা শৰ্মাই৷ চৰে চৰে বগাই ফুৰিছিল শিখা শৰ্মাই৷ মিঞাৰ বগৰী গছৰ তলত প্ৰায়ে বহিছিল শিখা শৰ্মা৷ তেতিয়া মিঞাৰ বাবে শিখা শৰ্মা আছিল অগ্নিকন্যা৷
সৰ্বজ্ঞানী শিখা শৰ্মা নাছিল কি- তেওঁ ৰাজনীতিৰ পৰা গানলৈ, গীতাৰ পৰা কোৰানলৈ সকলো জানে৷ কণ্ঠত সৰস্বতীক লৈ ফুৰা শিখা শৰ্মাই মিঞাৰ বাবে জে’ল খাটিবলৈয়ো আছিল সাজু৷
কিন্তু ইমান মৰমৰ প্ৰতিদান হেনো তেওঁক মিঞাই নিদিলে৷ মিঞাৰ বাবেই জে’লত সোমোৱাৰ পিছত নগাঁৱৰ নিৰ্বাচনত তেওঁ হাৰিল৷ মিঞাই মুঠেই দিলে ৪০টা ভোট৷
গতিকে শিখা শৰ্মাক এতিয়া লাগে সনাতনী ব’ৰ্ড৷ যিদৰে মুছলমানৰ বাবে দেশত ৱাকফ ব’ৰ্ড আছে সেইদৰে হিন্দুৰ বাবেও শিখাই বিচাৰিছে সনাতনী ব’ৰ্ড৷
একেদৰে শিখা শৰ্মাই সমৰ্থন কৰিবলৈ লৈছে নাগৰিকত্ব আইনক৷ মিঞা খেদা আন্দোলনৰো সমৰ্থক হৈ পৰিছে শিখা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email