কেমেৰা ইছলামবিৰোধী!

আফগানিস্তানত নিষিদ্ধ কৰা হৈছে কেমেৰা৷ পুৰুষ-মহিলা অথবা কোনো জীৱিত জন্তুৰ ফটো তোলা তালিবান শাসকে অবৈধ ঘোষণা কৰিছে৷
ইছলামিক শ্বৰিয়ৎ বিধি অনুসৰি কেমেৰা নিষিদ্ধকৰণৰ কথা ঘোষণা কৰিছে মৌলবাদী চৰকাৰে৷ তদানুসৰি বাতৰি চেনেলেও কোনো মানুহৰে ছবি টিভিত প্ৰদৰ্শন কৰিব নোৱাৰিব৷
বাতৰিৰ সৈতেও তেওঁলোকে পুৰুষ বা মহিলাৰ ফটো দেখুওৱাটো নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে কেৱল মানুহৰ ফটোৱেই নহয়, প্ৰাণ থকা সকলো জীৱৰে কেমেৰাৰ সন্মুখত থিয় হোৱাটো অবৈধ ঘোষণা কৰিছে তালিবানে৷
তালিবানৰ শেহতীয়া ঘোষণা অনুসৰি প্ৰাণ থকা যিকোনো সৃষ্টিৰে ফটো তোলাটো ইছলামিক অপৰাধ৷ গতিকে ফটো উঠিলে বা ফটো তুলিলে তালিবানে মৃত্যুদণ্ড বিহিব৷
তেওঁলোকৰ মতে কেমেৰাৰ সন্মুখত থিয় হোৱাটো হৈছে ইছলামবিৰোধী৷ কোৰানেও কোনো জীৱিত প্ৰাণীকে ফটো উঠাৰ অনুমতি প্ৰদান কৰা নাই৷
গতিকে শ্বৰিয়তৰ বিধি অনুসৰি ফটো উঠা তালিবানে বন্ধ কৰিছে৷ অৱশ্যে বাতৰি চেনেলক কেবাটাও বিষয়ত স্বাধীনতা শাসকে প্ৰদান কৰিছে৷ এতিয়ালৈ বাতৰি চেনেলৰ ধাৰাভাষ্যকাৰ অথবা আনসকলৰ বিৰুদ্ধে নতুন নিয়ম প্ৰৱৰ্তন কৰা নাই৷
কিন্তু তালিবানে শীঘ্ৰে বাতৰি প্ৰচলনৰ নিয়মো নিষিদ্ধ কৰিব বুলিহে কৰা হৈছে অনুমান৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email