অসমত কোনেও নাপায় ভৰ্তি চিলিণ্ডাৰ

৪০০ চিলিণ্ডাৰৰ গাড়ী ডাইৰেক্ট গুদামত ভৰাই দিয়া হয়৷ তাৰ পিছত প্ৰতিটো চিলিণ্ডাৰৰ পৰা উলিওৱা হয় LPG৷ ৪০০ চিলিণ্ডাৰৰ প্ৰতিটোৰ পৰা ছান কাঢ়ি কাঢ়ি আকৌ ৰিফিলিং কৰা হয় ৫০টা চিলিণ্ডাৰ৷
এই ঘটনাতো সমগ্ৰ অসমতে হৈ আছে৷ কিন্তু জোনাইৰ এটা প্ৰতিষ্ঠানৰ অপকৰ্মৰ প্ৰমাণ আমি লাভ কৰিছোঁ৷ ৱেৰহাউছৰ আৰ্হিত বিশাল গুদাম নিৰ্মাণ কৰা লোকজনে চিলিণ্ডাৰৰ দুই নম্বৰী কৰিয়েই মাহে লাখ লাখ অতিৰিক্ত টকা আয় কৰে৷
জোনাইৰ সেই লোকজনে গ্ৰাহকলৈ প্ৰেৰিত চিলিণ্ডাৰৰ পৰা প্ৰথমে নিজৰ ৱেৰহাউছত ৰি-ফিল কৰাৰ বাবে LPG উলিয়ায়৷ ৪০০ চিলিণ্ডাৰৰ পৰা অতিৰিক্ত ৫০টা তৈয়াৰ কৰাই তেওঁলোকৰ হিচাপ৷
কিন্তু অসমৰ ৮০ শতাংশ এজেন্সীয়েই গ্ৰাহকক ১৪ কেজি LPG নিদিয়ে৷ শোণিতপুৰৰ তিনিটা এজেন্সীয়ে চিলিণ্ডাৰৰ পৰা ৩ কেজি পৰ্যন্ত গেছ উলিয়াই পেলায়৷
নগাঁৱৰ ৮টা এজেন্সীৰ জালিয়াতিৰ তথ্য আমি লাভ কৰিছোঁ৷ আনকি সেইসমূহত ৬ কেজি পৰ্যন্ত LPG চুৰি কৰে এজেন্সীৰ কৰ্মচাৰীয়ে৷
গুৱাহাটীৰ ৬টা এজেন্সীয়ে গেছ চুৰি কৰি বেলেগ চিলিণ্ডাৰ ৰি-ফিল কৰাৰ প্ৰামাণিক ভিডিঅ’ আমাৰ হাতত আছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email