লুট চলোৱা গণমুক্তি ভৱন পুনৰুদ্ধাৰ শ্বেখ হাছিনাৰ

সম্ভাৱনা অনুসৰিয়েই সলনি হৈ গ’ল বাংলাদেশৰ ৰাজনীতি৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি সলনি হোৱাৰ লগে লগে স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে শ্বেখ হাছিনা৷ মৌলবাদীয়ে নিৰ্বাসিত কৰা হাছিনাই দিছে ওভতনিৰ ইংগিত৷
ইতিমধ্যে নিশ্চিত হৈছে. আমেৰিকাৰ ষড়য়ন্ত্ৰতে গাদীৰ পৰা উফৰি গৈছিল শ্বেখ হাছিনা৷ চীনৰ সমীপৰ বাংলাদেশত বহতীয়া চৰকাৰ গঠনৰ বাবে আমেৰিকায়েই হাছিনাক অপসাৰণ কৰিছিল৷ অৰ্থাৎ বাংলাদেশ আন্দোলন চলিছিল CIAৰ জৰিয়তে৷
ছেইণ্ট মাৰ্টিন নামৰ দ্বীপটোত অধিকাৰ স্যবস্ত কৰিবলৈ চলা ষড়যন্ত্ৰৰ বাবে জ’ বাইডেন প্ৰশাসনে যে হাছিনাক অপসাৰণ কৰিছিল সেয়া প্ৰমাণিত সত্য৷ কিন্তু বাইডেনৰ বিদেশ নীতিৰ সৈতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পলিচীৰ মিল নাই৷
স্বদেশক সুৰক্ষিত কৰিবলৈ মিত্ৰদেশৰ ক্ষতি কৰাটো ট্ৰাম্পৰ বিদেশ নীতি নহয়৷ উগ্ৰ সোঁপন্থী নেতাজনে যিকোনো মূল্যতে বিচাৰে আমেৰিকাৰ অন্তৰ্ভাগৰ সুৰক্ষা৷
সেয়ে বাংলাদেশৰ প্ৰতি আমেৰিকাৰ দৃষ্টিভংগী যে সলনি হ’ব সেয়া অৱধাৰিত৷ যি বিষয়ে অনুমান কৰিয়েই ট্ৰাম্পক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপেই হাছিনাই সম্ভাষণ জনাইছে৷ ভয়তে শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে বাংলাদেশৰ শাসক মহম্মদ ইউনুছেও৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email