জিম কৰিছে, পূজা পাতিছে, ফুৰিবলৈয়ো গৈছে৷ পিছে ৰাজনীতিৰহে একো কৰা কৰা নাই৷ প্ৰেম-বিবাহ-ৰাজনীতি আদিৰ বাবে একালত সকলোৰে পৰিচিত হৈ পৰা ৰুমী নাথ একেবাৰে নীৰৱ হৈ গৈছে৷
সুন্দৰী, স্বাস্থ্যৱান নেত্ৰীৰ ৰুমীয়ে আজি পাতিছে গোবৰ্ধন পূজা৷ গো-মাতাক খাদ্য খুৱাইছে তেওঁ৷ কেইদিনমান পূৰ্বে উলহ-মালহেৰে ৰুমীয়ে দুৰ্গা দেৱীৰো উপাসনা কৰিছে৷
কিন্তু পুৰণি সমষ্টি বৰখলা অথবা বৰাকৰ ৰাজনীতিক লৈ তেওঁৰ যেন নাই কোনো আগ্ৰহ৷
মুখেৰে হাঁহি থাকিলেও ভিতৰি যেন ৰুমী ভাগি পৰিছে, সেয়াই পৰিস্ফূট কৰিছে একালৰ প্ৰেমিকা মহিলাগৰাকীৰ কৰ্মকাণ্ডই৷
ধুনীয়া MLA হিচাপে কেমেৰাক আকৰ্ষণ কৰা ৰুমীয়ে বৰ্তমান নিঃসংগ জীৱন যাপন কৰিছে৷ নিয়মমাফিকভাৱে জিমলৈ গৈ তেওঁ শৰীৰচৰ্চা ঠিকেই কৰিছে, পিছে সামাজিক জীৱনত ৰুমী হৈ পৰিছে নিষ্ক্ৰিয়৷
তেওঁ একমাত্ৰ কন্যাকে বুকুত বান্ধি জীৱন পাৰ কৰিছে৷ MLA হৈ থকা সময়তে জেকী জাকিৰৰ সৈতে বিবাহ কৰি বিতৰ্কৰ সূচনা কৰা প্ৰেমকুঁৱৰী ৰুমীৰ বৰ্তমান যেন কাৰোৰে প্ৰতি নাই অনুৰাগ৷
বৰখলাৰ পৰা আকৌ বিধায়িকা হ’বলৈয়ো ৰুমীয়ে চলোৱা নাই কুচকাৱাজ৷ পূজাৰ বতৰত ৰুমীয়ে ঠিকেই চৌদিশে বিচৰণ কৰিছে, পিছে তেওঁৰ মুখত নাই পূৰ্বৰ চিনাকি উদ্যম৷
মন মাৰিহে ৰুমীয়ে পালন কৰিছে পূজা৷ একালৰ প্ৰেমিকা ৰুমীয়ে হেৰুৱাই পেলাইছে জীৱনৰ ছন্দ৷