গৌৰৱ গগৈ কেনেকৈ নায়ক হ’ল?
কেতিয়াও নোকোৱা কথা এটা কওঁ শুনক
লোকসভা নিৰ্বাচনৰ সময়ৰ কথা৷ দেউতাক তৰুণ গগৈৰ দৰেই দিল্লীত অভঙালি কৰিছিল গৌৰৱে৷ মুঠতে তেওঁক লাগিবই নগাঁও সমষ্টিৰ টিকট৷ নগাঁৱৰ বাদে অসমৰ আন কোনো সমষ্টিৰ পৰা নুঠে বুলিও হাইকমাণ্ডৰ ওচৰত গৌৰৱে আৰ্জি পেছ কৰিছিল৷
কিন্তু গৌৰৱ কিয় হৈ পৰিছিল আঁকোৰগোজ? এই প্ৰশ্নটোৰ সঠিক উত্তৰ দিব পাৰিব বদৰুদ্দিন আজমলে৷ কংগ্ৰেছৰে অভ্যন্তৰীণ সূত্ৰই তেতিয়াই সদৰী কৰিছিল লোকসভা নিৰ্বাচনৰ সময়ত আজমল আৰু গৌৰৱ হৈ পৰিছিল মিত্ৰ৷
তৰুণ গগৈৰ পুত্ৰ হোৱাৰ সুবাদত গৌৰৱক নগাঁৱত সহায়ৰো প্ৰতিশ্ৰুতি দিছিল আজমলে৷ যিহেতু নগাঁও এইবাৰ মিঞাপ্ৰধান হৈ পৰিছে সেয়ে তাত বিজয় সহজ হ’ব বুলি গৌৰৱে বিবেচনা কৰিছিল৷
সেইবাবেই কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ সেইসময়ত প্ৰচাৰিত প্ৰদ্যুতৰ দলত্যাগৰ সংবাদ যথাৰ্থতে মিছা নাছিল৷ গৌৰৱৰ অহমিকাত ক্ষুণ্ণ হৈ প্ৰদ্যুতে বিজেপিত যোগ দিয়াৰে উপক্ৰম হৈছিল৷
কিন্তু মিঞাৰ নেতা বুলি বদনামী হোৱাতকৈ যোৰহাটত কঠিন যুঁজ দিবলৈ গৌৰৱক সৈমান কৰিলে ৰাজ্যৰ কেইজনমান নেতাই৷ যাৰ বাবেহে পিছলৈ হিৰ’ হোৱাৰ সুযোগ পালে গৌৰৱে৷
এতিয়া ছেগ বুজি তেৱেঁই বিৰোধী ঐক্যক প্ৰতাৰণা কৰিলে৷ যাৰ জহত জিকিছিল সেইসকলকে লেং মাৰি দিলে গৌৰৱ গগৈয়ে৷