মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মা বিফল হ’ল।
HBSৰ গাত লাগিল ব্যৰ্থতাৰ চেকা
ঝাৰখণ্ডত সহঃপ্ৰভাৰী হিচাপে নিৰ্বাচন চম্ভালিবলৈ গৈ বিফল হ’ল হিমন্ত বিশ্ব শৰ্মা৷ কেতিয়াও ব্যৰ্থ নোহোৱা HBSয়ে ঝাৰখণ্ডত একো কৰিব নোৱাৰিলে৷ বিসম্বাদী নেতাৰ ঘৰত চাহ-ভাত খাই ফুৰিলেও তেওঁ দলৰ কন্দল সমাধান কৰিব নোৱাৰিলে৷
ঝাৰখণ্ডৰ সহ:প্ৰভাৰীৰ অশেষ চেষ্টাও শেষত ফলপ্ৰসূ নহ’ল৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰলৈ গৈ বুজোৱাৰ পিছতো নুবুজিলে বিজেপিৰ বিদ্ৰোহী নেতাই৷ অন্তিম চেষ্টাতো বিফলতাৰ পিছত নেতৃত্বই তেওঁলোকক দলৰ পৰাই উলিয়াই দিলে৷
নিৰ্বাচনমুখী প্ৰদেশখনত ৩০ জন নেতাক বহিষ্কাৰ কৰিলে বিজেপি নেতৃত্বই৷ খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই বুজনি দিয়াৰ পিছতো তেওঁলোক দলবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল৷ তদুপৰি বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া প্ৰাৰ্থীকো তেওঁলোকে শাৰিৰীকভাৱে আক্ৰমণ কৰিছিল৷
এতেকে শেষৰক্ষাৰ চেষ্টাতো বিফলতাৰ পিছত আজি ডেৰকুৰি বিসম্বাদীক বহিষ্কাৰ কৰা হ’ল৷ তাৰ পিছতে অনুৰূপ সিদ্ধান্ত লোৱা হ’ল মহাৰাষ্ট্ৰত৷ খবৰ অনুসৰি আজি ৰাজ্যখনৰ ৪০ বিদ্ৰোহী নেতাক বিজেপিয়ে দলৰ পৰা উলিয়াই দিছে৷
তেওঁলোকে দলৰ ক্ষতি কৰাৰ সম্ভেদ পোৱাৰ পিছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেতৃত্বই৷ ৰাজ্যখনৰ বিজেপি সভাপতি চন্দ্ৰশেখৰ বাৱনকুলেই সদৰী কৰা অনুসৰি প্ৰতিজন দলবিৰোধীকে ক্ষিপ্ৰতাৰে বহিষ্কাৰ কৰা হ’ব৷
কিন্তু নিৰ্বাচনৰ পূৰ্বে যে কেৱল বিজেপিতে এনে পৰিস্থিতিৰ সূত্ৰপাত হৈছে সেয়া নহয়৷ আজি কংগ্ৰেছেও ঝাৰখণ্ডৰ ৬ বিদ্ৰোহীক বহিষ্কাৰ কৰিছে৷ আনহাতে ঝাৰখণ্ডৰ বিজেপি নেতা ছিমোন মালতীয়ে আজি জে এম এমত যোগ দিছে৷