অষ্ট্ৰেলিয়াতে শেষবাৰলৈ টেষ্ট খেলিব বিৰাট কোহলিয়ে৷ অৰ্থাৎ ব’ৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ পিছতে বিৰাটো টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিব৷
অৱশ্যে মহাতাৰকা বিৰাটৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও খেলাৰ ইচ্ছা নাছিল৷ দল নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত লজ্জ্বিত কোহলিয়ে অব্যাহতিৰ বাবে নিৰ্বাচকক আবেদন জনাইছিল৷ পিছে শেষ সময়ত এয়া সম্ভৱ নহয় বুলি তেওঁক জনাই দিয়া হ’ল৷
পিছে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত টেষ্ট কেৰিয়াৰ বাহাল ৰাখিবলৈ মুঠেও আগ্ৰহী নহয় বিৰাট৷ প্ৰাপ্ত তথ্য অনুসৰি তেওঁৰ অৱসৰৰ প্ৰস্তাৱ আগতীয়াকৈ ব’ৰ্ডে মঞ্জুৰ কৰিছে৷ গতিকে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছতে কেৰিয়াৰৰ যৱনিকা মাৰিব কোহলিয়ে৷
ইতিমধ্যে কোহলি ছিৰিজ সামৰিয়েই লণ্ডনলৈ উভতি গৈছে কোহলি৷ পত্নী অনুষ্কা আৰু সন্তানৰ কাষত হাজিৰ হৈছেগৈ কোহলি৷
কিন্তু সিদ্ধান্তৰ কথা ব’ৰ্ডক আগতীয়াকৈ জনাই গৈছে তেওঁ৷ কোহলিৰ ইচ্ছা অনুসৰিয়েই টেষ্টৰ পৰা তেওঁক অব্যাহতি দিবলৈ ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে৷