পিতৃশোক বুকুত বান্ধি ষ্টেজত নাচিলে এজন অভিনেতাই৷ তেওঁৰ নাম চন্দন ডেকা৷ দিনত পিতৃ বিয়োগৰ খবৰ পোৱাৰ পিছতো দৰ্শকৰ মনোৰঞ্জনৰ স্বাৰ্থত চন্দনে কৰিলে অভিনয়৷ সাৱলীল নৃত্যৰেও দৰ্শকক দিলে আমোদ৷ কোনেও গমেই নাপালে তেওঁৰ বুকুত জ্বলি থকা চিতাজুইৰ কথা৷
অবিনেতা চন্দন ডেকা ৰাজলক্ষ্মী থিয়েটাৰত এইবছৰ চুক্তিবদ্ধ হৈ আছে৷ সেই অনুসৰি থিয়েটাৰত অভিনয় কৰাতে ব্যস্ত আছিল চন্দন৷
পিছে নিশা নাটকত অভিনয়ৰ প্ৰস্তুতি চলোৱাৰ সময়তে তেওঁ পালে হৃদয় বিদাৰক এটা খবৰ৷ ঘৰৰ পৰা সংবাদ আহিল- চন্দৰ পিতৃ আৰু ইহসংসাৰত নাই৷ কিন্তু ঘোষণাৰ পিছত নিশাৰ নাটক বন্ধ কৰাৰো উপায় নাছিল৷
গতিকে সচৰাচৰৰ দৰে মঞ্চত উঠিল অভিনেতাগৰাকী৷ হাতত গীটাৰ লৈ এটা গানত তেওঁ নৃত্যও কৰিলে৷
পিতৃক হেৰুওৱাৰ বেদনা বুকুত বান্ধিয়েই নাচিলে চন্দনে৷ বাৰম্বাৰ সেমেকি উঠা চকুযুৰি তেওঁ মচিলে৷ কিন্তু অভিনয় কৰি দৰ্শকক দিলে মনোৰঞ্জন৷
নাটক শেষ কৰি ঘৰলৈ গ’ল চন্দন৷ নিয়ম অনুসৰিয়েই পিতৃৰ মুখাগ্নি কৰিলে৷ চন্দনে এতিয়াহে সময় পাইছে কান্দিবলৈ৷