কোনোৱেই ঘূৰাই নাপায় পইচা

জিপি সিঙে কৈছে দিম বুলি
আমি সুধিছোঁ- ক’ৰ পৰা দিব?
DGPয়ে যিমানেই নকওক, এতিয়া আৰু বিনিয়োগকাৰীক দীপাংকৰ বৰ্মনৰ পৰা ধন ওভতাই দিব নোৱাৰে আৰক্ষীয়ে৷ জিপি সিঙে যিমানেই প্ৰতিশ্ৰুতি নিদিয়ক, দীপাংকৰৰ টকা কোনেও নাপায়৷
কাৰণটো শুনক
দীপাংকৰ বৰ্মনৰ গুৱাহাটীত আছে এখন মাৰ্চিডিজ বেঞ্জ আৰু এখন হাৰ্লি ডেভিদছন মটৰ চাইকেল৷ সেইকেইখন বিক্ৰী কৰিলে আৰক্ষীয়ে উলিয়াব পাৰিব সৰ্বাধিক ১০ কোটি টকা৷
অৰ্থনীতিৰ ভাষাত দীপাংকৰৰ সম্পত্তি লিকুইডেট কৰিলে ১০ শতাংশ বিনিয়োগকাৰীয়েও মূলধন ঘূৰাই নাপায়৷
অৱশ্যে তেওঁৰ এটা ফ্লেটো গুৱাহাটীত আছে৷ সেইটোৰ দাম হ’ব সৰ্বাধিক ১ কোটি টকা৷ তদুপৰি গোৱাত গ্ৰেপ্তাৰৰ সময়ত দীপাংকৰৰ পৰা জব্দ কৰা হৈছে প্ৰায় ২৭ লাখ টকা৷
কিন্তু সেইখিনি দীপাংকৰে লুট কৰা ধনৰ এটা চুকো নহয়৷ গতিকে জিপি সিঙে যিমানেই নকওক, পুলিচে দিব নোৱাৰে দীপাংকৰে লুট কৰা টকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email