কাম কৰি দেখুৱাবলৈ দায়িত্ব পদ্মক

বীৰপুৰুষৰ ভাও দি থাকি লাভ নাই, পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব পদ্ম হাজৰিকাই৷ নিজৰ সমষ্টিত ৰত্ন উপাধি লোৱা বিধায়কে প্ৰমাণ কৰিব লাগিব উত্তৰ অসমত থকা শক্তি৷ বিহালীৰ উপ-নিৰ্বাচনতে নিজৰ ৰাজনৈতিক সামৰ্থ প্ৰতিপন্ন কৰিব লাগিব পদ্ম হাজৰিকাই৷ অন্যথা বাজপেয়ী ভৱনত আদৰ-সন্মান নোহোৱা হ’ব পদ্ম হাজৰিকাৰ৷
উত্তৰ অসমৰ সবাতোকৈ শক্তিশালী নেতা হিচাপে নিজকে দাবী কৰি পদ্ম বিজেপি নেতৃত্বই দিছে গুৰু দায়িত্ব৷ তেওঁৰ কান্ধতে জাপি দিয়া হৈছে বিহালীত বিজেপি প্ৰাৰ্থীক জিকোৱাৰ দায়িত্ব৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পীযূষ হাজৰিকাই বিহালীত প্ৰচাৰ চলাইছে যদিও উপ-নিৰ্বাচন হৈ পৰিছে পদ্মৰ বাবে অগ্নিপৰীক্ষা৷
এসময়ত অগপৰ পৰা বিধায়ক হোৱা পদ্মৰ বিৰুদ্ধে আছিল বিজেপিৰ অফিচ ভঙাৰ অভিযোগ৷ তেওঁ বিজেপিত যোগদান কৰাৰ সময়তো এই তথ্য সদৰী কৰিছিল প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই৷ কিন্তু পূৰ্বে অফিচ লণ্ড-ভণ্ড কৰা পদ্মকে বিজেপিয়ে পিছলৈ আকোৱালি লৈছিল৷ এতিয়া সেই পাপৰ প্ৰায়শ্চিত্ত কৰি বিহালীত দলীয় প্ৰাৰ্থীক জিকাব লাগিব পদ্মই৷
উত্তৰ অসমৰ ডন বদনামো মানি লোৱা পদ্মই বিহালীতে বিজেপিক দিব লাগিব প্ৰতিদান৷ চৰকাৰৰ বাবে ভালুকৰ সাঙী হোৱা গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ আৰু কেবিনেট মৰ্যাদাৰ বিনিময়ত বিহালীৰ উপ-নিৰ্বাচনত যিকোনো প্ৰকাৰে দলৰ জিকাবই লাগিব চতিয়াৰ বিধাযকজনে৷
অন্যথা কিন্তু পদ্মৰ বাবে সুচল নহ’ব ৰাজনৈতিক ভৱিষ্যৎ৷ এই কথা জানিব পাৰিয়েই বিহালীত ঢোলে-খোলে নামিছে পদ্ম হাজৰিকা৷ সাংগীতিক প্ৰচাৰ চলাই হ’লেও জিকিবলৈ চেষ্টা কৰিছে পদ্মই৷ একালত অফিচ ভঙা বিজেপি প্ৰাৰ্থীকে জিকোৱাৰ স্বাৰ্থত সৰ্বস্ব উজাৰি দিছে পদ্মই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email