চুমিৰ বাবে এদিন কান্দি পেলাইছিল যতীন বৰাই৷ পিছে তাৰ পিছতো হাঁহিছিল চুমিয়ে৷
২০২২ৰ ডিচেম্বৰত ৰাঘৱ নামৰ চিনেমাখনৰ শ্বুটিং চলিছিল জাগীৰোড৷ গতিকে গুৱাহাটীৰ পৰা সদায় প্ৰডাকশ্যনৰ গাড়ীৰে শিল্পী আৰু টেকনিচিয়ানসকলক জাগীৰোডৰ কাগজ কলৰ চৌহদলৈ অনা-নিয়া নিয়া কৰা হৈছিল৷
তেতিয়া সকলোৰে সৈতে বাছতে গৈছিল চুমি৷ কিন্তু সদায় ভিন্ন ঠাইত নামিছিল তেওঁ৷ পিছে অন্তিমটো দিনত যতীন বৰাক জলা-কলা খুৱাইছিল চুমিয়ে৷
সেইদিনা ৫ বজাতে গুৱাহাটীৰ পৰা সকলোৱে জাগীৰোডলৈ যাত্ৰাৰ প্ৰস্তুতি চলাইছিল৷ দন্দুৰী বোৱাৰী চৰিত্ৰত অভিনয় কৰা চুমিকো যাত্ৰাৰ বিষয়ে জনোৱা হৈছিল৷
অন্তিম দিনটোৰ শ্বুটিঙৰ বাবে সাজু হৈছিল সকলো৷ কিন্তু অন্তিমটো দিনত চুমি হেৰাই থাকিল৷ কোনেও ফোন কৰি কৰি চুমিৰ সৈতে কথা পাতিব নোৱাৰিলে৷ শেষত সকলোকে পঠিয়াই চুমিক বিচাৰি ফুৰিলে যতীন বৰাই৷
শেষত কিন্তু যতীন বৰাই চুমিক এজন গায়কৰ ঘৰত বিচাৰি পালে৷ গ্ৰেপ্তাৰৰ আগনিশা চুমি যিজন গায়কৰ ঘৰত লুকাই আছিল তেওঁৰ ঘৰতে শুই আছিল চুমি৷ শেষত জগাইহে চুমিক জাগীৰোডলৈ লৈ গৈছিল যতীনে৷
কিন্তু সেই গায়কজনে চুমি তেওঁৰ ঘৰত কেতিয়াও থকা নাছিল বুলিহে দাবী কৰিছিল৷ পিছে আমি লাভ কৰা এই তথ্যই প্ৰমাণ কৰিলে গায়কজনৰ মিছলীয়া চৰিত্ৰ৷
CBIৰ জিম্মাত অসুস্থ চুমিয়ে কিন্তু এতিয়াও কোৱা নাই সঁচা কথা৷ সত্য উদঘাটনৰ সলনি তেওঁ কৰিছে বেমাৰৰ অভিনয়৷