কংগ্ৰেছত থাকি গণ্ডগোল কৰিছিল নেকি বিহাৰী বেপাৰীয়ে?

প্ৰশ্ন হয়
সকলোৱে দুৰ্নীতি কৰে নেকি?
অন্যথা কিয় বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰাক প্ৰতাৰণা কৰিলে বিশ্বনাথ চাৰিআলিৰ বিক্ৰম ডুবে নামৰ বিহাৰী ব্যৱসায়ীজনে?
বৃহস্পতিবাৰলৈ কংগ্ৰেছী হৈ থকা বিক্ৰম ডুবেই বিজেপিত যোগ দিয়াৰ খবৰ অৱশ্যে পুৰণি হ’ল৷ কিন্তু আমি জনাব বিচাৰিছোঁ ডুবেৰ হঠাৎ দল সলনিৰ অন্তৰালৰ ৰহস্য৷
বিশ্বনাথৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বিক্ৰম ডুবে হৈছে মাতা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক৷ তেওঁৰ কেবাখনো দোকান আছে৷ আছে কোটি কোটি টকাৰ ব্যৱসায়৷ অমায়িক-মিষ্টভাষী ডুবে আছিল কংগ্ৰেছৰ সাধাৰণ জাতি বিকাশ পৰিষদৰ সাধাৰণ সম্পাদক৷ সেইসূত্ৰে তেওঁ বন্ধু জয়ন্ত বৰাক বিহালীত প্ৰচাৰ চলোৱাত সহায়ো কৰিছিল৷
সহায় কৰিছিল বুলিলে ভুল হ’ব, জয়ন্ত বৰাই প্ৰচাৰৰ সকলো দায়িত্ব বন্ধু বিক্ৰমকে প্ৰদান কৰিছিল৷
কিন্তু তেতিয়াই ৰাজ্যিক GST আয়ুক্তালয়ৰ কুৰিজনীয়া দলে প্ৰৱেশ কৰিছিল মাতা হাৰ্ডৱেৰত৷ অৰ্থাৎ বিক্ৰম ডুবেই কৰফাঁকি দিয়াৰ অভিযোগত মাতা হাৰ্ডৱেৰত তালাচী চলোৱা হৈছিল৷ মাতা হাৰ্ডৱেৰৰ গুদামতো তালাচী চলাইছিল GST আয়ু্ক্তালয়ৰ তদন্তকাৰীয়ে৷
পাভৈ পথত থকা দোকানত তালাচীৰ সময়ত মুঠ সাতটা লেপটপ আৰু মোবাইলো জব্দ কৰিছিল তদন্তকাৰীয়ে৷ তাৰ পিছতে বিক্ৰম ডুবেক জেৰাৰ বাবে তলব কৰা হৈছিল৷
গতি বেগতিক দেখি তেওঁ পিছদিনাই বিজেপিত যোগদান কৰিলে৷ সেই তেতিয়াৰে পৰা মাতা হাৰ্ডৱেৰৰ মালিকক GST আয়ুক্তালয়ে আমনি কৰা নাই৷
এই ঘটনাই প্ৰমাণ কৰিছে কেবাটাও দিশ৷ প্ৰশ্ন উঠিছে- সকলো ব্যৱসায়ীয়ে দুইনম্বৰী কৰে নেকি? যদি নকৰে তেন্তে কিয় বিক্ৰম ডুবে ভয়তে শিয়ালৰ গাঁতত সোমাল?

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email