আউল লাগিলে মোদী চৰকাৰত

আশংকা অনুসৰিয়েই NDAত বিভাজন আৰম্ভ হৈছে৷ নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমবাৰলৈ মিত্ৰজোঁটত আউল লাগিছে৷ এই বিভাজনৰ কাৰণ হৈ পৰিছে প্ৰস্তাৱিত ৱাকফ বিল৷ জমিয়ত উলেমা ই-হিন্দে মোদীৰ ৱাকফ ব’ৰ্ড সংশোধনী বিল সমৰ্থন নকৰিবলৈ মিত্ৰদলক সকীয়নি দিয়াৰ পিছতে ঘূণে ধৰিছে NDAৰ মিত্ৰতাত৷
বৰ্তমান তেলুগু দেশম পাৰ্টীয়ে প্ৰস্তাৱিত অধ্যাদেশক সমৰ্থন নকৰে বুলি দলটোৰ উপ-সভাপতি নবাব জান খানে দাবী কৰিছে৷ জমিয়ত সভাপতি মৌলানা আৰ্শ্বাদ মাদানীৰ হুংকাৰৰ প্ৰত্যুত্তৰ দি চন্দ্ৰবাবু নাইডুৰ ঘনিষ্ঠ নেতাজনে মুছলমানৰ আবেগক আঘাত কৰা কোনো বিষয়কে টিডিপিয়ে সমৰ্থন নকৰে বুলিও কৰিছে ঘোষণা৷
কিন্তু ৰহস্যজনকভাৱে এই প্ৰসংগত বৰ্তমানলৈ নীৰৱ হৈ আছে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী নাইডু৷ বিজেপিৰে মিত্ৰতাৰ পিছত ধৰ্মনিৰপেক্ষতাৰ প্ৰথমটো পৰীক্ষাত অৱৰ্তীণ হোৱা নেতাজনক ইতিমধ্যে সাক্ষাৎ কৰিছে সৰ্বভাৰতীয় মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ বিষয়ববীয়াই৷
অমৰাৱতীত অনুষ্ঠিত আলোচনাৰ সময়ত সংগঠনটোৰ সাধাৰণ সম্পাদক মৌলানা মহম্মদ ফজলুৰৰিহম মুজাদ্দিদিয়ে তেওঁক ৱাকফ বিলৰ সংশোধনীৰ বিষয়ে বিস্তাৰিতভাৱে অৱগত কৰাইছে৷ সংসদৰ পৰৱৰ্তী অধিৱেশনত অধ্যাদেশখনৰ উত্থাপনত বাধা দিবলৈয়ো তেওঁক অনুৰোধ জনাইছে সংখ্যালঘু নেতা মুজাদ্দিদিয়ে৷
গতিকে ভয়ংকৰ পাকচক্ৰত সোমাই পৰিছে টিডিপি নেতাজন৷ নিজৰ ধৰ্মনিৰপেক্ষ ইমেজ বজাই ৰাখিবলৈ বিগত সময়ত তেওঁ নিজৰ এটা চকু হিন্দু আৰু আনটো মুছলমানৰ বাবে বুলি অভিহিত কৰিছিল৷ পিছে বিজেপিৰে মিত্ৰতা কৰি এটা চকু হেৰুওৱাৰ উপক্ৰম হৈছে চন্দ্ৰবাবুৰ৷ জমিয়ত আৰু পাৰ্ছনেল ল ব’ৰ্ডৰ বিৰোধিতাৰ সময়তে আকৗ যুটীয়া সংসদীয় কমিটীৰ প্ৰতিবেদনসহ বিলখন সদনত উত্থাপন কৰিবলৈ চৰকাৰ সাজু হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুজাবলৈ নাইডুক ভিন্নজনে অনুৰোধ কৰাৰ সময়ত ৱাকফ বিল আইনত পৰিণত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷ কিন্তু চৰকাৰে সূচী অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিলেই সম্ভৱত: ৰাজনৈতিক স্বাৰ্থত এন ডি এৰ পৰা আঁতৰি যাব চন্দ্ৰবাবু৷ তাৰ পিছতে নিৰ্ঘাত হৈ পৰিব মোদী চৰকাৰৰ পতন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email