কিয় জুবিন গাৰ্গ এনেকুৱা?
কিয় অবাঞ্জিত কথা কয় জুবিনে?
জুবিন সঁচাকৈ অসমৰ শুভচিন্তক হয়নে?
আবোল তাবোল কথা কোৱাটো জুবিন গাৰ্গৰ এতিয়াৰ অভ্যাস নহয়৷ আগৰে পৰাই জুবিনে অসময়ত অদৰকাৰী কথা কৈ এটা নিৰ্দিষ্ট আন্দোলনক পথভ্ৰষ্ট কৰে৷
বৰ্তমান দীঘলী পুখুৰীৰ পাৰৰ গছক লৈ ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিক জাগি উঠিছে৷ আচলতে বহুদিনৰ পিছত অসমৰ সকলো পৰ্যায়ৰ ৰাইজে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে৷
কিন্তু হেন সময়তে জুবিনে অনৰ্থক বিতৰ্কৰ সূচনা কৰিছে৷ মহেন্দ্ৰ কন্দলীয়ে সেই প্ৰাচীন কালতে গদ্য ৰচনা কৰা অসমীয়া ভাষা দুশবছৰো পুৰণি বুলি কৈ অযথা জুবিনে লগাইছে গণ্ডগোল৷
অৱশ্যে জুবিনে এইবাৰেই প্ৰথম গণ্ডগোল কৰা নাই৷ CAA আন্দোলনৰ সময়তো অযথা প্ৰতিবাদীক দিকভ্ৰষ্ট কৰিছিল৷ জুবিনৰ নেতৃত্বতে আন্দোলন গৈ থৈ সাংস্কৃতিক সন্ধিয়ালৈ পৰ্যৱসিত হৈছিল৷ CAA আন্দোলনত গান-নাচ কৰা হৈছিল জুবিনৰ নেতৃত্বতে৷
তাৰ পিছত আকৌ এজন নেতাক গৰু বুলি কৈ অদৰকাৰী বিবাদৰ সূচনা কৰিছিল জুবিনে৷ তেওঁৰ সমৰ্থনতে আকৌ উতনুৱা ফেনে বয়োজ্যেষ্ঠক অপমান কৰাৰ দৰে ঘটনাও অসমতে ঘটিছে৷
মুঠতে ক’বলৈ যদি একো নাই জুবিন মনে মনে থকাই ভাল৷ অযথা কথা কৈ প্ৰচাৰ লাভ কৰাতকৈ তেওঁ নীৰৱে থাকিলেই দেশৰ মংগল হ’ব৷ CAAৰ দৰেই দীঘলী পুখুৰীৰ বৃক্ষৰক্ষা আন্দোলনো অন্যথা জুবিনৰ নেতৃত্বত হৈ পৰিব সাংস্কৃতিক সন্ধিয়া৷