এইবাৰহে ফণীভূষণ ফান্দত পৰিছে
ইমানদিনে ৰাজভোগ কৰিলে, কিন্তু এইবাৰহে ওলাব নোৱাৰাকৈ জালত সোমাইছে ফণীভূষণ চৌধুৰী৷ পত্নীৰ মনোনয়ন যাত্ৰাত উৰুলীপুঙা হৈ নৃত্য কৰা ফণীভূষণৰ বাবে এইবাৰ সহজ ময়দান হৈ থকা নাই বঙাইগাঁও৷
সাংসদ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি তিনিখন গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে সচেতন নাগৰিক মঞ্চ নামৰ এটা সংগঠনে৷ অখ্যাত সংগঠনটোৱে বঙাইগাঁৱত আঁৰি দিছে ডাঙৰ বেনাৰ৷
ধনতোলা বজাৰত আঁৰি দিয়া বেনাৰখনত একনায়ক হিচাপে অভিহিত কৰি ফণীভূষণৰ কুকাৰ্যৰ বৰ্ণনা কৰা হৈছে৷ তদুপৰি মিঞা অধ্যুষিত নানকাৰগাঁও, ঘাকপাৰা আৰু লিংডোবাত ফণীভূষণৰ প্ৰৱেশ নিষিদ্দ কৰা হৈছে৷
বিগত সময়ত অৱশ্যে এই তিনিখন গাঁও বঙাইগাঁৱৰ পৰা কৰ্তন কৰি সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছিল৷ কিন্তু ফণীভূষণৰ চক্ৰান্ততে এই কাণ্ড কৰা হৈছে বুলি বেনাৰখনত উল্লেখ কৰা হৈছে৷
অৰ্ধেক কোচ-ৰাজবংশী আৰু বাঙালী ভোটৰ জৰিয়তে ৪০ বছৰ বিধায়ক হৈ থকা ফণীভূষণ এইবাৰেই প্ৰথম বঙাইগাঁৱত এনে পৰিস্থিতিৰ সন্মুখীন হৈছে৷ শত্ৰুৱে প’ষ্টাৰিং কৰিও ধিক্কাৰ দিছে ফণীভূষণক৷
আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়তো তেওঁ পিছে সন্মুখীন হৈছে বিৰোধিতাৰ৷ এইবাৰহে আচলতে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে ফণীভূষণ৷ পত্নীৰ নামত ছদ্মবেশী প্ৰাৰ্থী থিয় কৰাই ফণী জালত পৰিছে৷