বিহগুৰিৰ চৌফালে ৰাছেল ভাইপাৰ

শেষ হ’ল বুলি সকলোৱে ভাবিছিল, কিন্তু আচলতে অসমত নিৰ্বংশ হোৱা নাই ৰাছেল ভাইপাৰ৷ তেজপুৰতে আছে শতাধিক ৰাছেল ভাইপাৰ সাপ৷ চহৰখনৰ কাষৰীয়া বিহগুৰিৰ আৱাসীৰ ঘৰৰ বাৰীত বাহ পাতিছে বিষাক্ত সৰ্পবিধে৷
তেজপুৰত সঘনাই ৰাছেল ভাইপাৰ দৃষ্টিগোচৰ হৈছে সাধাৰণ জনতাৰ৷ ভয়তে আনকি পথাৰতো গামবুট পিন্ধিহে নামিবলগীয়া হৈছে ৰাইজ৷
এতিয়া পথাৰ চিকুনাবলৈয়ো পথাৰত নামিব পৰা নাই স্থানীয় খেতিয়ক৷ কাৰণ অসমৰ ৰাছেল ভাইপাৰৰ অভিকেন্দ্ৰ হৈ পৰিছে বিহগুৰি৷
শেহতীয়াকৈ পথ অতিক্ৰমৰ সময়ত কেবাটাও ৰাছেল ভাইপাৰক গাড়ীয়ে চেপি মাৰিছে৷ সেইধৰণৰ ঘটনায়ো প্ৰতিপন্ন কৰিছে বিহগুৰিত ৰাছেল ভাইপাৰৰ সংখ্যাবৃদ্ধি৷
বিহগুৰিতে যোৱাবছৰ ৰাছেল ভাইপাৰৰ দংশনত থিতাতে মৃত্যু ঘটিছিল এটি শিশুৰ৷ গতিকে সৰ্প বিশেষজ্ঞৰ বুজনিতো পতিয়ন যোৱা নাই স্থানীয় ৰাইজ৷
অজগৰৰ পোৱালিৰ দৰে ৰাছেল ভাইপাৰ চকুত পৰিছে স্থানীয় লোকৰ৷ গতিকে বাৰী চিকুণাবলৈ বাদেই দিছে ৰাইজে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email