বঢ়াই দিলে নিৰাপত্তা

বিজেপিৰ কেবাজনো কট্টৰ হিন্দুত্ববাদী নেতাৰ প্ৰাণৰ প্ৰতি ভাবুকি আছে৷ তেওঁলোকক নিধনৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে মৌলবাদী শক্তিয়ে৷ জেহাদীয়ে প্ৰাণে মাৰিবলৈ আঁচনি কৰিছে বিজেপিৰ কঠোৰপন্থী নেতাসকলক৷

বিশেষকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ঘনিষ্ঠ নেতাসকলৰ বিৰুদ্ধে পৰিকল্পনা কৰিছে ইছলামিক সংগঠনে৷ যিসকলে সংঘৰ পৰা দলীয় ৰাজনীতিত প্ৰৱেশ কৰিছে তেওঁলোক হৈছে জেহাদীৰ লক্ষ্য৷ বৰ্তমান প্ৰধানত: দেৱেন্দ্ৰ ফড়নৱিছৰ নিৰাপত্তা উন্নীত কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ত ছুপাৰিশ কৰিছে চোৰাংচোৱাই৷

সমৰ্থিত সূত্ৰই সদৰী কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে ফড়নৱিছক হত্যা কৰিবলৈ জেহাদী হৈ পৰিছে তৎপৰ৷ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীজনক সম্প্ৰতি আৰক্ষীৰ বিশেষ গোটে নিৰাপত্তা প্ৰদান কৰে৷

কিন্তু চোৰাংচোৱাৰ সকীয়নিৰ পিছতে উন্নীত কৰা হৈছে তেওঁৰ নিৰাপত্তা৷ জেড প্লাছ কেটেগৰীৰ ভিত্তিত তেওঁক কেন্দ্ৰীয় বাহিনীৰ নিৰাপত্তাৰে ঘেৰি ৰখা হৈছে৷ পিছে গৃহ দপ্তৰে সদৰী কৰা অনুসৰি প্ৰতিবেদনত ফড়নৱিছৰ উপৰি আছে কেবাজনৰো নাম৷

যিসকল বিজেপি নেতা সংঘৰ সৈতে ঘনিষ্ঠ তেওঁলোকৰ বিৰুদ্ধে ইছলামিক শক্তিয়ে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ প্ৰথমে অৱশ্যে কেৱল ফড়নৱিছৰ কথাহে সূত্ৰটোৱে সদৰী কৰিছে৷ পিছে গোপনে আনসকল বিজেপি নেতাৰো নিৰাপত্তা কৰি তোলা হৈছে কটকটীয়া৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email