চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ আহ্বান জমিয়তৰ

মুছলমান অসন্তুষ্ট হ’লেই পতন ঘটিব মোদী চৰকাৰৰ৷ ভাৰতৰ মুছলমান যদি জাগ্ৰত হয় তেনেহ’লে নৰেন্দ্ৰ মোদীৰ নিস্তাৰ নাই৷
কাৰণ ৱাকফ ব’ৰ্ড সংশোধনী বিধেয়ক সদনত উত্থাপন কৰিবলৈ সাজু হৈছে চৰকাৰ৷ সংসদৰ পৰৱৰ্তী অধিৱেশনতে এই অধ্যাদেশ যে উপস্থাপন কৰা হ’ব সেয়া অনানুষ্ঠানিকভাৱে নিশ্চিত কৰা হৈছে৷
পিছে NDA চৰকাৰৰ দুই প্ৰধান সহযোগী দলক কাৰ্যত: সকীয়নিয়েই দিছে জমিয়ত উলেমা ই-হিন্দে৷ মুছলমানৰ সৰ্বোচ্চ সংস্থাৰ মুৰব্বী মৌলানা আৰ্শ্বাদ মাদানীয়ে TDP আৰু JDUক আজি পৰোক্ষভাৱে সতৰ্ক কৰি দিছে৷
নতুন দিল্লীত অনুষ্ঠিত সংবিধান ৰক্ষা সমাৱেশত জমিয়তৰ সভাপতি মাদানীয়ে কয় দেশৰ জনতাই ইতিমধ্যে বিজেপিক পৰাভূত কৰিছে৷ বৰ্তমান নৰেন্দ্ৰ মোদী চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ কান্ধত উঠিহে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে৷
গতিকে দুয়োকে মুছলমানৰ আৱেগৰ সৈতে খেলা নকৰিবলৈ জমিয়তৰ সভাপতিয়ে আহ্বান জনাইছে৷ একপ্ৰকাৰ সকীয়নি দি মাদানীয়ে কয় যে ভাৰতৰ সংখ্যালঘুৱে ৱাকফ ব’ৰ্ড সংশোধন হোৱাটো নিবিচাৰে৷ গতিকে চন্দ্ৰবাবু আৰু নীতিশে তেওঁলোকৰ আৱেগক সমৰ্থন কৰাটো দৰকাৰ৷
চৰকাৰৰ সিদ্ধান্ত সমৰ্থন কৰিলেই যে জমিয়তে মুছলমানক TDP আৰু JDUৰ বিৰোধিতাৰ আহ্বান জনাব তাৰো ইংগিত দিলে মাদানীয়ে৷ সিদ্ধান্ত অনুসৰি শীঘ্ৰে চন্দ্ৰবাবুৰ সমষ্টিত ৫ লক্ষাধিক মুছলমানক গোট খুৱাই শক্তি প্ৰদৰ্শন কৰিব জমিয়তে৷
আনহাতে নিজকে আল্লাৰ উপাসক বুলি অভিহিত কৰি মাদানীয়ে মুছলমানৰ সুৰক্ষাৰ বাবে চৰকাৰক আহ্বান জনাইছে৷ তেওঁ কয় যে ভাৰতৰ ইছলামধৰ্মীক চৰকাৰে নিৰাপত্তা প্ৰদান কৰা উচিত৷ কাৰণ সেইসকলো আনৰ দৰেই দেশৰ ভূমিপুত্ৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email