কিয় হঠাতে অঁকৰা মৈত উঠিল গৌৰৱ?

আচলতে কেতিয়াবাৰ পৰাই অখিলক বিশ্বাস নকৰে গৌৰৱ গগৈয়ে৷ বিহালীৰ টিকট দিয়াৰ সময়ত দুয়োৰে সংঘাত ফাদিল হৈ গ’লেও গৌৰৱৰ অখিল গগৈৰ প্ৰতি বহুদিনৰ পৰাই সদ্ভাৱ নাই৷ এই অপ্ৰকাশ্য শত্ৰুতাৰ অন্যতম মূল কাৰণ হৈছে এজন কংগ্ৰেছীয়েই৷ গৌৰৱে চকু মুদি বিশ্বাস কৰা গগৈ উপাধিৰে এজন কংগ্ৰেছীয়ে সদায় অখিল গগৈৰ শতৰু শালি আহিছে৷
গৌৰৱক অখিলৰ পৰা সাৱধানে থাকিবলৈ সতৰ্ক কৰি দিয়া সেইজন কংগ্ৰেছী প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদতো আছে৷ তেওঁ পূৰ্বে আছিল তৰুণ গগৈৰ OSD৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে তেওঁ পৰিয়ালৰ বিশ্বস্ত৷ সেইজন নেতাই টিংখাং সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটো বিচাৰিছিল৷
লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া অখিলে গৌৰৱৰ হৈ প্ৰচাৰ চলাইছিল তেতিয়া তেওঁক সেইজন নেতাই সতৰ্ক কৰি দিছিল৷ গৌৰৱে তিনি গগৈৰ কথা কৈ অখিলৰ লগত হলিগলি কৰাৰ সময়তে তেওঁ বহুতৰে ওচৰতে এদিন কৈ দিছিল-
এইজনৰ পৰা সাৱধান
অখিল কিন্তু বহুৰূপী
তাৰ পিছতে যোৰহাটত অখিলৰ সৈতে আয়োজন কৰা সভাৰ পৰা পলাইছিল গৌৰৱ৷ অখিলক বিজেপিৰ এজেণ্ট বুলিও গৌৰৱৰ ওচৰত বাৰে বাৰে কৈছিল সেইজন নেতাই৷
পিতৃৰ কথা অনুসৰিয়েই গৌৰৱে এতিয়াও সেইজন নেতাৰ প্ৰতিটো কথা মানি চলে৷ এইবাৰো গৌৰৱে অখিলক উপেক্ষা কৰাৰ অন্যতম কাৰণ হৈছে প্ৰাক্তন OSD নেতাজনৰে উচটনি৷ হয়তো তেওঁৰ বাবেই দুই গগৈৰ অনাগত সময়তো নহ’ব মিত্ৰতা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email