শ্বুটিঙৰ সময়তো একেলগে আছিল বায়েক-ভায়েক

জে’লত চুমিয়ে দেখিবই নোৱাৰা হৈছে৷ পিছে এসময়ত তেওঁৰ বাবে ড্ৰাইভাৰো হৈছিল বিশাল ফুকন৷ প্ৰতিনিশা নিজৰ ফ্লেটলৈ চুমিক লৈ গৈছিল বিশালে৷ পুৱা আকৌ থৈ গৈছিল পাতি লোৱা বায়েকক৷

এই ঘটনা ঘটিছিল এখন অসমীয়া চিনেমাৰ শ্বুটিঙৰ সময়ত৷ প্ৰযোজক তথা অভিনেতাজনৰ বাবে ৰাইজে বয়কট কৰা চিনেমাখনতো ধন বিনিয়োগ কৰিছিল বিশালে৷ গতিকে চিনেমাখনত দন্দুৰী বোৱাৰীৰ চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিল চুমিয়ে৷

তেতিয়া চিনেমাখনৰ শ্বুটিং চলি আছিল যোৰহাটত৷ সেই সময়তে চুমিসহ আনসকলক প্ৰযোজকে ৰাখিছিল যোৰহাটৰ প্ৰশান্তি লজত৷ চুমিৰ সৈতে একেটা ৰূমতে আছিল দুগৰাকী অভিনেত্ৰী৷ পিছে সেই ৰূমটোলৈ ঘনাই সোমাই গৈছিল বিশাল ফুকন৷ সেয়ে আন দুগৰাকী অভিনেত্ৰীয়ে ৰূমটো ত্যাগ কৰিছিল৷

তাৰ পিছতো কিন্তু চুমি ৰূমটোত থকা নাছিল৷ প্ৰশান্তি লজৰ ৰূমটো ব্যৱহাৰেই কৰা নাছিল চুমিয়ে৷ তেওঁ সদায়ে শ্বুটিং শেষ হোৱাৰ পিছতে ক’ৰবালৈ গুচি গৈছিল৷

চুমিক নিবলৈ সদায় নিজে গাড়ী চলাই শ্বুটিঙৰ স্থানত বিশাল হাজিৰ হৈছিল৷ তাৰ পিছতে চুমিক কাষত বহুৱাই অজ্ঞাত স্থানলৈ গুচি গৈছিল বিশাল৷

পিছদিনা আকৌ শ্বুটিঙৰ সময়ত বিশালে থৈ গৈছিল পাতি লোৱা বায়েকক৷ যাৰ বাবে আন অভিনেতাসকলে বিশালক চুমিৰ ড্ৰাইভাৰ বুলি উপলুঙা কৰিছিল৷

সদায় ৰাতি বায়েকক লৈ যোৱা বিশাল সময়মতেই হাজিৰ হৈছিল৷ তেতিয়াই এঝন অভিনেতাকো ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ বিশাল আৰু চুমিয়ে ফান্দত পেলাইছিল৷ সেই অনুসৰি অভিনেতাজনে বিশালক দিছিল ৫ লাখ টকা৷

এই তথ্যবোৰো ইতিমধ্যে CBIয়ে লাভ কৰিছে৷ বিশাল আু চুমিৰ ৰাত্ৰিযাপনৰ স্থানৰো সম্ভেদ পাইছে তদন্তকাৰীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email