পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে জিঅ’৷ একেদৰে এয়াৰটেলেও কমোৱাৰ সিদ্ধান্ত লৈছে ৰিচাৰ্জৰ দাম৷
গ্ৰাহকৰ বৰ্জনৰ সিদ্ধান্তত বাধ্য হৈ দৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছে দুয়োটা প্ৰতিষ্ঠান৷ সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি লক্ষাধিক গ্ৰাহকক হেৰুওৱাৰ পিছত জিঅ’ আৰু এয়াৰটেলে সলনি কৰিছে পূৰ্বৰ সিদ্ধান্ত৷
কিছুদিন পূৰ্বে জিঅ’ কৰ্তৃপক্ষই ৰিচাৰ্জৰ দাম আচম্বিতে বৃদ্ধি কৰিছিল৷ তাৰ পিছত অনুৰূপ সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছিল এয়াৰটেলে৷ দুয়োটা প্ৰতিষ্ঠানে ৰিচাৰ্জৰ দাম ২০ গুণ পৰ্যন্ত বৃদ্ধি কৰিছিল৷
কিন্তু তাৰ মাজতে ভাৰতীয় বজাৰত মূৰ দাঙি উঠিলে BSNLয়ে৷ জিঅ’ আৰু এয়াৰটেলৰ সৈতে ফেৰ মাৰি BSNLয়ে উন্নত কৰি তুলিলে সেৱা৷ তদুপৰি চৰকাৰী প্ৰতিষ্ঠানটোৱে ফ’ৰ জি সেৱাও প্ৰদান কৰিলে৷
BSNLয়ে বজাৰত প্ৰতিদ্বন্দ্বিতা আৰম্ভ কৰাৰ পিছতে লক্ষাধিক গ্ৰাহকে ত্যাগ কৰিছে জিঅ’ অথবা এয়াৰটেল৷ ছিমকাৰ্ড প’ৰ্ট কৰিছে লাখ লাখ উপভোক্তাই BSNLৰ সেৱা গ্ৰহণ কৰিছে৷
গতিকে নতশিৰ হ’বলৈ বাধ্য হৈছে দুয়োটা প্ৰতিষ্ঠান৷