সেতু সাজিবলৈ চৰকাৰে কাটিবলৈ ওলোৱা দীঘলী পুখুৰীৰ পাৰত বৃক্ষত আছে ৩৫ বিধ চৰাই৷ শতায়ু গৰকা এই গছবোৰ হৈছে কমেও ডেৰকুৰি পক্ষী প্ৰজাতিৰ বাসস্থান৷
আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক নামৰ সংস্থাটোৱে সদৰী কৰিছে এই তথ্য৷ স্বেচ্ছাসেৱকৰ দিনজোৰা নিৰীক্ষণৰ পিছত সংস্থাটোৱে কেবাবিধো পৰিভ্ৰমী চৰাইৰ অৱস্থানো ধৰা পেলাইছে৷
আজি তেওঁলোকে সদৰী কৰা তথ্য অনুসৰি শীতৰ আগমনৰ সমযত গুৱাহাটীলৈ আহিছে হোৱাইট ৱেজটেইল নামৰ পক্ষীবিধ৷ একেদৰে য়েল্ল’ ব্ৰ’ড ৱাৰ্বলাৰ, টেইগা ফ্লাইকেচ্চাৰ আৰু ব্লেক কাইট নামৰ আলহী চৰাই হৈছে দীঘলী পাৰৰ গছৰ বাসিন্দা৷
অৱশ্যে কেৱল পৰিভ্ৰমী পক্ষীয়েই নহয়, গছবোৰত আছে কেবাবিধো ভাৰতীয় প্ৰজাতিৰ চৰাই৷ অসমত বৰ্তমান বিৰল হৈ পৰা ৩০ বিধ চৰাইক দীঘলী পুখুৰীৰ পাৰৰ বৃক্ষই আশ্ৰয় প্ৰদান কৰিছে৷ অৰ্থাৎ পক্ষীকুলে এই গছবোৰতে বাহ সাজি কৰিছে বংশবৃদ্ধি৷
যদি এই প্ৰাচীন বৃক্ষ কাটি পেলোৱা হয় তেন্তে বিনাশ হ’ব পাৰে পক্ষীৰ প্ৰজাতি৷ দীঘলী পুখুৰীৰ বৃক্ষৰক্ষা আন্দোলনত জনতা উবুৰি খাই পৰাৰ সময়ত সংস্থাটোৱে চলাই আছে পক্ষী জৰীপ৷
তেওঁলোকে সদৰী কৰা তথ্য অনুসৰি গুৱাহাটীৰ মাজমজিয়াৰ এই বৃক্ষলানিয়ে বৰ্তমানো আশ্ৰয় প্ৰদান কৰিছে অজস্ৰ পক্ষীক৷ এই গছবোৰ হৈ পৰিছে পক্ষীকুলৰ নিৰাপদ আশ্ৰয়৷
এমেচাৰ পৰিৱেশকৰ্মীসকলে সম্প্ৰতি প্ৰকাশ কৰিছে দীঘলীপাৰৰ পক্ষীকুলৰ কথা৷ এই বৃক্ষলানি কাটিলে যে প্ৰকৃতিৰ প্ৰতি অভাৱনীয় অন্যায় কৰা হ’ব সেয়াও তেওঁলোকে ব্যাখ্যা কৰিলে৷