আচলতে সঁচা কথাই কৈছে মৃগেন শৰণীয়াই৷ গুৱাহাটীৰ মেয়ৰে বৰ এটা মিছা কথা কোৱা নাই৷
বহুদিন একো নাম-গোন্ধ নাছিল মৃগেন শৰণীয়াৰ৷ গুৱাহাটীৰ মেয়ৰ চাহাবৰ কথা সকলোৱে পাহৰিছিলেই৷ কিন্তু গছ নকটা মানুহৰ শেষকৃত্যতো কাঠ-বাঁহ ব্যৱহাৰ নকৰাৰ উপদেশ দিয়া মৃগেন শৰণীয়াৰ কথাটো আজব যদিও মিছাও নহয়৷
বৰ্তমান অসমৰ ভিন্নস্থানত হিন্দুধৰ্মীৰ শেষকৃত্যত কাঠ অথবা বাঁহতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে টায়াৰ৷ শুনিবলৈ বেয়া লাগিলেও এয়াই সত্য৷ অসমৰ প্ৰতিখন জিলাৰে গেৰেজবোৰত কোনেও বেয়া টায়াৰ পেলাই নিদিয়ে৷ সেইবোৰ আজিকালি শ দাহনৰ বাবে ব্যৱহাৰ হয়৷
খৰিৰ অভাৱৰ বাবে আজিকালি চিতাৰ তলৰ সুমুৱাই দিয়া হয় পেলনীয়া টায়াৰ৷ তাৰ পিছতহে চিতাত অগ্নিসংযোগ কৰা হয়৷ জুই জ্বলি উঠাৰ পিছতো চিতালৈ টায়াৰ নিক্ষেপ কৰা হয়৷
প্ৰথমে গাড়ীৰ ডাঙৰ টায়াৰেৰে বহুতে চিতা জ্বলায়৷ মাজে মাজে সৰু টায়াৰ নিক্ষেপ কৰিলে সোনকালে সম্পন্ন হয় শ দাহন৷
যাৰ বাবে গ্ৰামাঞ্চলত চিতা জ্বলোৱাৰ সময়ত সুগন্ধিৰ সলনি নিৰ্গত হয় টায়াৰৰ পোৰা পোৰা গোন্ধ৷ সোনকালে কাম সম্পন্ন কৰিবলৈ টায়াৰ ব্যৱহাৰেই কৰে গ্ৰামাঞ্চলৰ লোকে৷
এই নিদাৰুণ পন্থাকেই সকলোৱে আজিকালি প্ৰয়োগ কৰে৷ গতিকে মেয় চাহাবে কিজানি গম পাইছে টায়াৰেৰে শ জ্বলোৱাৰ কথা৷