নেতা হোৱাৰ সুযোগ বিচাৰিছে কোনে?

নেতা হোৱাৰ সুযোগ ওলাইছে, সঁচাকৈ ওলাইছে

ফ্লাই অভাৰ সাজিবলৈ সেউজবৃক্ষৰ হত্যাৰ আমি বিৰোধী৷ চৰকাৰে কেৱল গছ-গছনি কাটি তহিলং কৰিয়েই অদৰকাৰী অভাৰব্ৰীজ সজাৰো অৰ্থ নাই৷

দীঘলী পাৰৰ বৃক্ষৰক্ষাৰ বাবে গুৱাহাটীত যি আন্দোলন হৈছে, সেয়া আচলতে অসমীয়া মধ্যবিত্ত সমাজৰ জীৱন্ত ৰূপৰ বৰ্হিপ্ৰকাশ৷ কিন্তু আন্দোলনত নামি পৰিছে নেতা হোৱাৰ সুযোগ বিচাৰি ফুৰা এধল লোক৷

দীঘলী পাৰৰ বৃক্ষ ৰক্ষা নিঃস্বাৰ্থ আন্দোলনক হাইজেক কৰিবলৈ এদল লোক তাত উপস্থিত হৈছে. তেওঁলোকৰ লক্ষ্য হৈছে গছকেইডালক সাৰথি কৰি প্ৰচাৰ লাভ কৰা৷

নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোকে আন্দোলনকাৰীৰ প্ৰতি ক্ষন্তেকীয়া সমৰ্থন ব্যক্ত কৰিছে৷ কিন্তু আচলতে তেওঁলোক হৈছে চৰকাৰৰ ভিতৰচ’ৰাৰ মানুহ৷

সেইকেইজনক শক্তিশালী লবীয়ে আন্দোলনকাৰীৰ সৈতে সংযুক্ত কৰিছে৷ পৰৱৰ্তী সময়ত যাতে বৃক্ষ ৰক্ষা আন্দোলনকাৰীক বিভাজিত কৰিব পৰা যায় তাৰ বাবে এই চতুৰালি কৰা হৈছে৷

চৰকাৰৰ এজেণ্টে ইতিমধ্যে দখল কৰিলে দীঘলী পাৰৰ বৃক্ষ ৰক্ষা আন্দোলন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email