ধন ঘটিবলৈ আৰু চিন্তা নাই

যিমানে শৌচ কৰিব, সিমানে পইচা পাব৷ বেছিকৈ শৌচ কৰিলে বেছিকৈ পাব পইচা৷ ভৱিষ্যতে শৗচ কৰিয়েই হ’ব পাৰিব কোটিপতি৷ আচৰিত যেন লগা এই কথাটোৱেই সত্য প্ৰমাণিত কৰিছে দক্ষিণ কোৰিয়াৰ চ’ জে’-ৱেন নামৰ বিজ্ঞানীজনে৷

শৌচ বিক্ৰী কৰি ধন ঘটিব পৰা মেচিনো তেওঁ আৱিষ্কাৰ কৰিছে৷ কোৰিয়ান বিজ্ঞানীয়ে বহুদিনীয়া গৱেষণাৰ পিছত তৈয়াৰ কৰিছে এটা আচহুৱা শৌচাগাৰ৷ তেওঁ তৈয়াৰ কৰা কম’ডটোত বহি ত্যাগ কৰা মানৱ বিষ্ঠা মিথেন গেছলৈ ৰূপান্তৰিত হয়৷

অৰ্থাৎ শৌচৰ জৰিয়তে শক্তি উৎপাদন হয়৷ বৈজ্ঞানিক নিষ্কাশনৰ জৰিয়তে শৌচাগাৰটোত বিষ্ঠা মিথেন গেছলৈ ৰূপান্তৰিত হৈ পৰে৷ বিজ্ঞানীজনৰ গৱেষণা অনুসৰি এজন সুস্থ ব্যক্তিয়ে দৈনিক ৫০০ গ্ৰাম মল ত্যাগ কৰে৷

যাৰ জৰিয়তে তেওঁৰ শৌচাগাৰত ৫০ লিটাৰ মিথেন গেছ উৎপাদন কৰিব পাৰি৷ ৫০ লিটাৰ মিথেন গেছে আকৗ ০.৫ কিলোৱাট শক্তি উৎপাদন কৰিব পাৰে৷ এই পৰিমাণৰ বিদ্যুতৰ জৰিয়তে এখন বৈদ্যুতিক গাড়ী কমেও ১.২ কিলোমিটাৰ চলিব পাৰে৷ পৰিৱেশ মিত্ৰ শৌচাগাৰটো ইতিমধ্যে ব্যৱহাৰ কৰিছে বিজ্ঞানীজনে৷ তদুপৰি তেওঁ নিজৰ আৱিষ্কাৰৰ পেটেণ্টো লাভ কৰিছে৷

গতিকে অনাগত সময়ত এই শৌচাগাৰে সলনি কৰিব পাৰে বিশ্বৰ শক্তি খণ্ড৷ বিদ্যুৎ উৎপাদনৰ বাবে নদীবান্ধ অথবা বৃহৎ প্ৰকল্পৰ প্ৰযোজন নস্যাৎ কৰি তেওঁ মাত্ৰ এটা শৌচাগাৰেৰে সলনি কৰাৰ দিশে আগবাঢ়িছে বিশ্ব৷

গতিকে অনাগত সময়ত ধন ঘটিবলৈ কোনেও আৰু চিন্তা কৰিব নালাগে৷ ভালদৰে খাই শৌচ কৰিলেই উপাৰ্জন কৰিব পাৰিব পইচা৷ তদুপৰি অধিক আহাৰ গোটোৱা বিহুৰ সময়ত উপাৰ্জনৰ সুযোগ পাব সৰহীয়া ধন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email