আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ বন্ধুকো নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে৷
মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বিজেপিৰ মিত্ৰ NCPৰ অজিত পাৱাৰ ফৈদে ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ নবাব মালিকক টিকট প্ৰদান কৰিছে৷ গেংষ্টাৰৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছতে নবাব মালিকে টিকট পোৱা লৈ উতলি উঠিছে ৰাজনীতি৷
বিতৰ্কিত NCP নেতা নবাব মালিকে গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বুলিও ইতিমধ্যে নিশ্চিত গৈছে৷ তেনে এজন নেতাক অজিত পাৱাৰ ফৈদৰ এন চি পিয়ে মনখুৰ্দ-শিৱাজী নগৰৰ পৰা প্ৰদান কৰিছে দলীয় প্ৰাৰ্থিত্ব৷
ফলত এই বাছনিৰ পৰা দূৰত অৱস্থান কৰিছে বিজেপিয়ে৷ দলটোৰ নেতা দেৱেন্দ্ৰ ফড়নৱিছে সদৰী কৰা অনুসৰি বিজেপিয়ে নবাব মালিকৰ হৈ প্ৰচাৰ নচলায়৷ আনহাতে তেওঁৰ কন্যা ছানা মালিককো এন চি পিয়ে অনুশক্তি নগৰৰ পৰা টিকট দিছো৷ পিছে বিজেপিৰ সমৰ্থন লাভ কৰিছে ছানাই৷
আনহাতে অন্তহীন বিসম্বাদে অস্থিৰ কৰি তুলিছে বিজেপিক৷ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ প্ৰাকক্ষণত মিত্ৰদলৰ সৈতেও বিভেদে বিজেপিৰ অৱস্থা কৰিছে কাহিল৷ বিপদে হেঁচা মাৰি ধৰাৰ সময়তে আজি প্ৰায় ৫০ জন নেতাই দলত্যাগ কৰিছে৷ তেওঁলোকে আকৗ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সংগ্ৰহ কৰিছে মনোনয়ন৷
নৱাগতক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতাৰে সকলোলে এৰিছে বিজেপি৷ এইসময়তে আকৗ বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পিৰ মহাজোঁটৰ সৈতে লগ লাগিছে ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা৷ আন মিত্ৰদলক অৱজ্ঞা কৰি বিজেপিয়ে ৰাজ থাকৰেৰ মিত্ৰতাৰ প্ৰস্তাৱ স্বীকাৰ কৰিছে৷