আমাৰ ল’ৰা-ছোৱালীবোৰৰ মূৰ খাইছে
সাফল্যৰ গেৰাণ্টী দি ধ্বংস কৰিছে অসমৰ শিক্ষাৰ্থীৰ কেৰিয়াৰ৷
আমি ক’বলৈ ওলাইছো ৰাজ্যত চলি থকা একাংশ তথাকথিত IAS একাডেমিৰ কথা৷
গুৱাহাটীৰ উপৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত চলি থকা IAS একাডেমিৰ কোনো শৈক্ষিক লক্ষ্য নাই৷ এইসমূহ স্থাপনো কৰা হৈছে ব্লেক মানী হোৱাইট কৰাৰ বুদ্ধিৰে৷
শেহতীয়াকৈ গুৱাহাটীৰ উপকণ্ঠৰ চহৰতো মুকলি কৰা IAS একাডেমি এখনৰো পৃষ্ঠপোষক হৈছে এজন চহকী ব্যক্তি৷
আমি লাভ কৰা নিশ্চিত খবৰ অনুসৰি, IAS একাডেমি স্থাপন হৈ পৰিছে ধন উপাৰ্জনৰ বাট প্ৰদৰ্শন কৰা৷ আয়কৰক যাতে আভুৱা ভাৰিব পাৰি তাৰ বাবে দুৰ্নীতিগ্ৰস্তই একাডেমি স্থাপন কৰিছে৷
পিছে তাৰ ফলত অসমৰ শিক্ষাৰ্থী ক্ষতিগ্ৰস্ত হৈছে৷ কিয়নো সৰহীয়া পৰিমাণৰ ফীজ দি সকলোৱে ফলাফল লাভৰ আশাতে নামভৰ্তি কৰিছে৷ পিছে তেওঁলোকে পঢ়ি থকা IAS একাডেমিৰ লক্ষ্য শিক্ষাৰ্থীৰ উন্নতি নহয়৷
গতিকে IAS একাডেমিৰ কৰ্তৃপক্ষই কোনো ফেকাল্টী অথবা শিক্ষণৰ সামগ্ৰীত গুৰুত্ব দিয়া নাই৷ তেওঁলোকে দেখুৱাই দিছে বিশাল অট্টালিকা আৰু কেবাশ শিক্ষাৰ্থীৰ হিচাপ৷
তাৰ জৰিয়তে তেওঁলোকে আয়কৰ ফাঁকি দিছে৷ কিন্তু লগতে মূৰ খাইছে অসমৰ শিক্ষাৰ্থীৰ৷ বিগত কেইবছৰমান এইসমূহ IAS একাডেমি কিমান শিক্ষাৰ্থী UPSC অথবা APSCত উৰ্ত্তীণ হৈছে তাৰ হিচাপ কৰিলেই প্ৰকৃত সত্য ওলাই পৰিব৷