আমি কেনেকৈ বিশ্বাস কৰোঁ! ফণীভূষণে ক’লেই যেনিবা ৰাজনীতিৰ পৰা অৱসৰৰ কথা, কিন্তু আমি কেনেকৈ বিশ্বাস কৰিম মিছলীয়া মানুহজনৰ কথা!
অৱশ্যে আমি ফণীভূষণক এনেয়ে কান্দুৰা মিছলীয়া বুলি কৈ দিয়া নাই, কোৱাৰ কাৰণ আছে৷ পিছে ফণীভূষণৰ সৈতে দেশৰ এজন নেতাৰ সাদৃশ্য আছে, তেওঁ হৈছে নীতিশ কুমাৰ৷
যোৱাবছৰৰ বিহাৰৰ বিধানসভা নিৰ্বাচনত নীতিশে নিৰ্বাচনী সাভত কান্দিছিল৷ তেওঁ কৈছিল- মোৰ বয়স হৈ আহিছে, এইটোৱেই মোৰ অন্তিম নিৰ্বাচন৷ গতিকে আপোনালোকে মোক ভোট দিয়ক৷
পিছে সেই নীতিশেই এইবাৰো নিৰ্বাচনী প্ৰস্তুতি চলাই আছে৷
একেদৰে CAA কাৰ্যকৰী কৰাৰ পিছতে ৰে’লত উঠি ফণীভূষণ বঙাইগাঁৱত উপস্থিত হৈছিল৷ অগপই বিজেপিৰে মিত্ৰতা ছেদ কৰাৰ পিছতে মন্ত্ৰিত্ব এৰি ঘৰলৈ গৈছিল ফণীভূষণ৷
পিছে ষ্টেশ্যনত উপস্থিত হৈ হিয়ালি-জিয়ালীকৈ কান্দিছিল ফণীয়ে৷ সমৰ্থকক গবা মাৰি ধৰি ফণীয়ে কৈছিল- আমাক এনেকৈ বেইমানি কৰিব বুলি ভবা নাছিলোঁ৷
সদায় ৰাইজৰ সৈতে থকাৰ প্ৰতিশ্ৰুতি দিয়া ফণীৰ চকুলো মচি দিছিল সমৰ্থকে৷ কেবাজনেও ধৰি ন-কইনাৰ দৰেহে ঘৰলৈ নিছিল ফণীভূষণক৷ পিছে দুদিন পিছতে ফণীৰ চকুপানী শুকাল৷ আকৌ মন্ত্ৰীও হ’ল৷
গতিকে আপোনালোকেই কওক, ফণীভূষণৰ কথাক আমি কেনেদৰে বিশ্বাস কৰোঁ? নীতিশ কুমাৰৰ দৰে পাল্টুৰাম নেতাজনৰ ফাকি কথা কোৱাটোৱেই অভ্যাস৷ এতেকে আমি মৰি গ’লেও বিশ্বাস নকৰো ফণীভূষণক