কিমান দিনলৈ বন্ধ হৈ থাকিব ৰাস্তা

MLA চাহাবে সময় পোৱা নাইগতিকে ৰাস্তাও বন্ধ হৈ আছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিঠতো বন্ধ কৰি থৈ দিয়া হৈছে পথ৷ ডিব্ৰুগড়ৰ জালান বাগিচাৰ মাজেৰে কিছুদিন পূৰ্বে পথ সজা হৈছিলপিছে এই ৰাস্তাতো এতিয়াও সাধাৰণ ৰাইজৰ বাবে  মুকলি কৰি দিয়া নাই প্ৰশাসনে বাঁহৰ বেৰিকেড লগাই বন্ধ কৰি থৈ দিছে ৰাস্তাতো৷ কাৰণ উদ্বোধন কৰিবলৈ এতিয়াও  আহৰি পোৱা নাই বিধায়কেস্থানীয় MLAই মুকলি কৰি দিয়া নাই বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো বন্ধ কৰি থোৱা হৈছে পথটো৷ অৱশ্যে এই ঘটনা  কেৱল ডিব্ৰুগড়তে ঘটা নাইচৰজমিন অনুসন্ধানৰ পিছত আমি লাভ কৰা খবৰ অনুসৰি অসমত কমেও ৪৯টা ৰাস্তা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো  বন্ধ কৰি থোৱা হৈছেকাৰণ এইবোৰ উদ্বোধন কৰিবলৈ স্থানীয় বিধায়কে সময় পোৱা নাইৰাস্তা মুকলি কৰি দিলেই জনতাৰ সুবিধা হ’ব৷ পিছে এই কামটোৱেই কৰা নাই স্থানীয় প্ৰশাসনে৷ বিধায়কে যাতে পথ নিৰ্মাণৰ কৃতিত্ব ল’ব পাৰে তাৰ বাবে পথটো  বন্ধ কৰি থোৱা হৈছেকেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে ৪৯টা ৰাস্তা প্ৰশাসনে বন্ধ কৰি থৈ  জনতাক হাৰাশাস্তি কৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial