২৮ লাখ গছি চাকিৰ পোহৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথম দীপাৱলীৰামায়ণবৰ্ণিত আখ্যান অনুসৰি ১৪ বছৰীয়া বনবাসৰ পিছত গৃহগমন কৰিছিল শ্ৰীৰামচন্দ্ৰই৷ মাতৃবাক্য পালন কৰি বনলৈ যোৱা ৰজা দশৰথৰ পুত্ৰক অজস্ৰ বন্তিৰে ঘৰলৈ অযোধ্যাবাসীয়ে জনাইছিল স্বাগতম৷ পিছে ৰামায়ণৰ উপাখ্যান ১৪ বছৰ নহয়, এইবেলি সম্পূৰ্ণ ৫০০ বছৰৰ পিছত স্ব-গৃহলৈ উভতিবলৈ ওলাইছে শ্ৰীৰামচন্দ্ৰ৷
ভব্য মন্দিৰ নিৰ্মাণৰ পিছত প্ৰথমবাৰলৈ পালনৰ আয়োজন চলোৱা হৈছে দীপান্বিতা৷ সৰযু নদীৰ পাৰ উজলাই শ্ৰীৰামচন্দ্ৰক অযোধ্যালৈ আদৰি নিবলৈ চহৰবাসী সাজু হৈছে৷ চৰকাৰীভাৱে পৱিত্ৰ নগৰীত সম্প্ৰতি চলি আছে দীপোৎসৱৰ আয়োজন৷ পূৰ্বৰ অভিলেখ ভংগ কৰি ৰাম আৰু সীতাক আদৰণিৰ বাবে ২৮ লাখ গচি চাকি জ্বলোৱাৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে৷ ১৮ প্ৰকাৰৰ প্ৰতীকপট প্ৰদৰ্শন কৰিবলৈয়ো প্ৰশাসনে আয়োজন কৰিছে৷
য’ত শ্ৰীৰামচন্দ্ৰৰ জীৱন বৰ্ণন, সবৰীৰ কাহিনী, হনুমানৰ লংকাযাত্ৰা আদি প্ৰদৰ্শিত হ’ব৷ দীপোৎসৱক যাতে অযোধ্যাৰ পৰ্যটনৰ কাৰক কৰি তুলিব পৰা যায় তাৰ বাবে প্ৰশাসনে চেষ্টাৰ ত্ৰুটি কৰা নাই৷ সৰযুৰ পাৰতে ২৫ লাখ গচি চাকি জ্বলাই বিশ্ব অভিলেখ স্থাপনো নিশ্চিত কৰা হৈছে৷ ইতিমধ্যে অযোধ্যাত গোটোৱা হৈছে লক্ষাধিক লিটাৰ মিঠাতেল৷
অন্যহাতে প্ৰধানমন্ত্ৰীকে প্ৰমুখ্যে কৰি ভি আই পিৰ আগনৰ পূৰ্বে অযোধ্যা হৈ পৰিছে লোকে-লোকাৰণ্য৷ বৰ্তমান কূটাঘাতৰ শংকাত মন্দিৰ নগৰীত ১৫০ এন এছ জি কমাণ্ডোৱে পজিশ্যন লৈছে৷ ৫ হাজাৰ আৰক্ষী আৰু ৰেপিড একশ্যন ফ’ৰ্চৰ জোৱানে অযোধ্যাত সষ্টম হৈ আছে৷ তদুপৰি সাধাৰণ পোছাকত হাজাৰোধিক চোৰাংচোৱাই পিয়াপি দি ফুৰিছে৷
১৫ জন আৰক্ষী অধীক্ষকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে৷ তদুপৰি ভিন্ন স্থানত নিয়োগ কৰা হৈছে স্নাইপাৰ৷ উত্তৰ প্ৰদেশৰ ভিন্ন জিলাৰ আৰক্ষীও অযোধ্যাতে নিয়োজিত কৰা হৈছে৷ বিদেশী পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যোগী আদিত্যনাথে লৈছে কঠোৰ ব্যৱস্থা৷ লগতে সাধাৰণ নাগৰিকক সু-ব্যৱহাৰ কৰিবলৈয়ো আৰক্ষীক দিয়া হৈছে প্ৰশিক্ষণ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email