দম্ভচূৰ্ণ হৈ গ’ল গৌতম গম্ভীৰৰ৷ নিউজিলেণ্ডৰ বিৰু্দ্ধে লজ্জাজনক পৰাজয়ৰ পিছতে টীম ইণ্ডিয়াৰ হেডছাৰৰ অহংকাৰৰ পতন ঘটিল৷ লগে লগে দায়িত্বৰ পৰাও তেওঁক আঁতৰিবলৈ ক’লে BCCIয়ে৷নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০ খেলিব টিম ইণ্ডিয়াই। ভাৰতীয় ক্ৰিকেট দলে চাৰিখন টি-২০ মেচ খেলিব। কিন্তু এই ছিৰিজৰ পূৰ্বে ভাৰতীয় টীম মেনেজমেন্টে কঠোৰ সিদ্ধান্ত লৈছে। ব্যৰ্থতাৰ বাবে শাস্তি বিহি গম্ভীৰকে চাটাই কৰি দিছে টীম মেনেজমেণ্টে৷
পৰৱৰ্তী ছিৰিজটোত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ’ব ভি ভি এছ লক্ষ্মণ। ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ছিৰিজটোত দলক গম্ভীৰে প্ৰশিক্ষণ প্ৰদান কৰিব।
গম্ভীৰৰ প্ৰশিক্ষণত যিহেতু দল লজ্জাজনকভাৱে পৰাজিত হৈছে সেয়ে ব’ৰ্ডে লক্ষ্মণৰ সৈতে সম্পৰীক্ষা কৰিবলৈ বিচাৰিছে৷ বৰ্তমান বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সঞ্চালক হৈ থকা লক্ষ্মণে অৱশ্যে পূৰ্বেও সাময়িকভাৱে এই দায়িত্ব পালন কৰিছে৷
পিছে এইবাৰ নিয়োগৰ পিছতে গম্ভীৰক সাময়িক অব্যাহতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ খবৰ অনুসৰি সমাগত IPLৰ পূৰ্বে দল ত্যাগৰ সিদ্ধান্ত কলকাতা নাইট ৰাইডাৰ্ছলৈ প্ৰত্যাৱৰ্তনৰো চেষ্টা কৰিছে অপমানিত গৌতম গম্ভীৰে৷
অৱশ্যে এইপৰ্যন্ত গৌতম গম্ভীৰ ভাৰতীয় দলৰ স্থায়ী মুখ্য প্ৰশিক্ষক হৈ আছে। কিন্তু সাময়িকভাৱে দিয়া হৈছে অব্যাহতি৷