১০ লাখ টকা দিব বেদান্তই

থাউকতে ধন ঘটাৰ সুযোগ এটা ওলাইছে! আপুনি প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ লগত জড়িত হ’ব লাগিব। তেন্তে ঘটিব পাৰিব ধন৷
ইতিমধ্যে নিশ্চিত হৈছে বেদান্ত লিমিটেডে হলৌ বান্দৰ আৰু বন্যহস্তীৰ আবাসস্থল হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত তেল-গেছৰ বাবে খনন আৰম্ভ কৰিব। চৰকাৰী নিয়ম অনুসৰি প্ৰতিষ্ঠানটোৱে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এখন কনজাৰ্ভেশ্যন প্লেন প্ৰস্তুত কৰি অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ ওচৰত দাখিল কৰিছে।
পৰিকল্পনা অনুসৰি প্ৰতিষ্ঠানটোৱে অহা দহ বছৰত হলৌ বান্দৰ আৰু বন্যহস্তীৰ সংৰক্ষণৰ বাবে ১০ লাখ টকা ব্যয় কৰিব। তেওঁলোকৰ আঁচনি খনৰ মতে ইয়াৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা সভা, প্ৰচাৰ পুস্তিকা আদি প্ৰকাশ তথা প্ৰচাৰৰ ব্যৱস্থা আছে। এনেবোৰ কামৰ বাবে কোনোবাই ইচ্ছা কৰিলে তেওঁলোকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিব পাৰে।
গতিকে এই সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ খননকাৰী বেদান্তৰ হাতে-ভৰিয়ে ধৰিছে নামধাৰী প্ৰকৃতিপ্ৰেমীয়ে৷ হলৌ বান্দৰৰ সংৰক্ষণৰ নামত আচহুৱা পৰিকল্পনা প্ৰস্তুত কৰি বেদান্তৰ কাষ চাপিছে সংগঠন৷
কনজাৰ্ভেশ্যন প্লেনৰ বাবে তেওঁলোকে বেদান্তৰ পৰা আদায় কৰিছে ধন৷ গিবন অভয়াৰণ্যৰ অাত হলৌ বান্দৰ আৰু হাতীকেইটাও লুভীয়া প্ৰকৃতিপ্ৰেমীৰ বাবে হৈ পৰিছে ধন ঘটাৰ উৎস৷
বিগত সময়তো এজন প্ৰকৃতিপ্ৰেমীয়ে হলৌ বান্দৰ সংৰক্ষণৰ নামত এটা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা কেবালাখ টকা আত্মসাৎ কৰিছিল৷ কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো অভিযোগ৷ গতিকে নহ’ল অনুসন্ধান৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial