লাইন লাইন ৱাইন শ্বপ

১০ খন স্কুল বন্ধ হ’ল৷ পিছে তাৰ ঠাইত আৰম্ভ হ’ল ৮ খন ৱাইন শ্বপ৷ হ’ব পাৰে ছিপাঝাৰত জনসংখ্যা মাত্ৰ ২০ হাজাৰ৷ পিছে সৰু চহৰখনতে লাইন লাইনকৈ হৈছে সুৰা বিপণী৷ প্ৰাক্তন সাহিত্যিক পৰমানন্দ ৰাজবংশীৰ আমোলত ছিপাঝাৰ হৈ পৰিছে মদ্যনগৰী৷
অৱশ্যে আমি উদাহৰণ হিচাপেহে ছিপাঝাৰৰ কথা কৈছোঁ৷ ৰাজ্যৰ প্ৰতিখন চহৰতে পৰিস্থিতি একেই৷
তাহানিৰ ছিপাঝাৰ আছিল অসম আন্দোলনৰ অভিকেন্দ্ৰ৷ ওজাপালিৰ বাবেও ছিপাঝাৰৰ আছিল সুকীয়া পৰিচয়৷ পিছে এতিয়া সেইবোৰ একো নাই৷ বৰ্তমান ছিপাঝাৰ কেৱল মধ্যনগৰী৷
সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী বিধায়ক হৈ থকা সময়তে ছিপাঝাৰত মদ উভৈনদী হৈ পৰিছে৷ আগতে ক’ৰবাত এখন সুৰা বিপণী থকা চহৰখনত বৰ্তমান বিচাৰিলেই মদ উভৈনদী৷
একেদৰে মঙলদৈতো মদৰ অভাৱ নাই৷ তেনেই সৰু আকাৰৰ চহৰখনতে আছে ৬ খন ৱাইনশ্বপ৷
কিন্তু এই চহৰসমূহত ধাৰাষাৰ গতিৰে স্কুল বন্ধ কৰি থকা হৈছে৷ তাৰ সলনি বাঢ়িছে সুৰা বিপণীৰ সংখ্যা৷ হতাশাগ্ৰস্ত যুৱপ্ৰজন্মই অবিৰাম গলাধঃকৰণ কৰিছে মদ৷
নৈৰাশ্যই গ্ৰাস কৰা যুৱকসকলৰ সহায়ক হোৱাকৈ সৰ্বত্ৰ চৰকাৰে মদৰ বেহা মেলি দিছে৷ গতিকে সকলোৱে কিনি পান কৰিব পাৰে মদ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email