অসমীয়াক কাৰ লুণ্ঠন?

দুডাল ধনীয়াৰ মাজত এডাল বন, যাৰ দাম ১০ টকা৷ এমুঠি চেপেটা লাইশাকৰ দামো আকৌ ১০ টকা৷ পালেং তিনিমুঠি ল’লেহে বৰ কষ্ট কৰি ৩ মুঠি দিয়ে বেপাৰীয়ে৷ মূলা পুলি এজোপাৰ মাজতো বন সুমুৱাই বজাৰত বেচি আছে বেপাৰীয়ে৷
পানীলাও বৰ্তমান অসমৰ বজাৰত ৩০ টকাৰ তলত পাবলৈয়েই নাই৷ কোমোৰা গোটে ৬০ টকাই সবাতোকৈ তাকৰীয়া দাম৷
বজাৰত সোমালে এনে লাগে যেন খেতি কৰি এইবাৰ চহকী হৈছে অসমৰ দুখীয়া খেতিয়ক৷ পিছে এনেদৰে নাভাবিব৷ চহৰত চ’ৰা দামত বিক্ৰী হোৱা প্ৰতিবিধ পাচলিৰ বৰ্ধিত দামৰ মুনাফা খাই আছে দালালেহে৷ গাঁৱৰ খেতিয়কে এপইচাও বেছিকৈ পোৱা নাই৷
তিতাকেৰেলাৰ পৰা নেমুপৰ্যন্ত প্ৰতিবিধ বস্তুৱেই অসমীয়া খেতিয়কে দালালকে বিক্ৰী কৰি আছে৷ গুৱাহাটীৰ বজাৰত পোৱা সাৰ নিদিয়া পাচলি ক্ষেত্ৰী আৰু সোণাপুৰৰ খেতিয়কে কৰা৷ পিছে সেইবোৰ বজাৰত উলিয়াই মিঞা বেপাৰীয়ে৷ যি তাকৰীয়া দামত জনজাতীয় কৃষকৰ পৰা পাচলি কিনি নিয়ে৷
ডিব্ৰুগড়ৰ বজাৰত বিহাৰী বেপাৰীয়ে পাচলি বেচিছে৷ সেইবোৰ আকৌ ৰাজগড়, টিংখাঙৰ গাঁৱত উৎপাদিত৷ গঞা কৃষকৰ পৰা বিহাৰীয়েও তাকৰীয়া দামতে পাচলি কিনি বজাৰত ছিণ্ডিকেট পাতিছে৷
আনকি ভোল আৰু কচুৰ দাম ৬০ টকা হৈছেগৈ৷ চৰা দামে কঁকাল ভাঙি দিছে সাধাৰণ ক্ৰেতাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email