যি বিহালীক লৈ অসমত বিৰোধী মিত্ৰজোঁট প্ৰায় ধ্বংস হ’ল সেই বিহালীৰে আছে ৰাজনৈতিক ইতিহাস৷ মধ্য অসমৰ এই সমষ্টিটোত বিজয়ৰ নিৰ্ণায়ক শক্তি হৈছে চাহ জনজাতিৰ ভোটাৰ৷ তদুপৰি বিহালীতে আছে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা মোনাবাৰী৷ কেবাশ একৰৰ মাটিৰ মোনাবাৰীৰ চাহ শ্ৰমিকহে আচলতে বিহালীৰ নিৰ্বাচনৰ ভাগ্যবিধাতা৷
কংগ্ৰেছৰ ভাল দিনত মোনাবাৰীৰ চাহ শ্ৰমিকেই জিকাইছিল বৰ্ণবাস তাঁতীক, তাৰ পিছত কিন্তু ঠিকাদাৰ ৰঞ্জিত দত্তই বৰ্ণবাসৰ পৰা বিহালী কাঢ়ি ল’লে৷
সঁচা কথা ক’বলৈ গ’লে একেৰাহে দুবাৰৰ বিধায়ক হোৱা বৰ্ণবাসেই বিহালীত কংগ্ৰেছ ধ্বংস কৰি থৈ গৈছে৷ নিজকে বিহালীৰ ৰজা বুলি ভবা বৰ্ণবাসৰ দিনত মোনাবাৰীৰ শ্ৰমিকৰ অৱস্থা নোহোৱা হ’ল৷ কামৰ ক-টোও নকৰি নিৰ্বাচনৰ সময়ত হামদেৰ মানুছ বুলি চাহ শ্ৰমিকক সম্বোধন কৰি তেওঁ জিকিলে৷
পিছে বৰ্ণবাসৰ বাবেই ২০০১ৰ পৰা কংগ্ৰেছ ধাৰাবাহিকভাৱে পৰাজিত হ’ল৷ মাত্ৰ এবাৰ আটছাৰ সহায়ত সমষ্টিটোত জিকিছিল তেতিয়াৰ কংগ্ৰেছী পল্লৱ লোচন দাস৷
বাগিচাৰ শ্ৰমিকক হাৰিয়া খাবলৈ শিকোৱা বিধায়ক বৰ্ণবাসৰ অভিশাপৰ পৰা বিহালী এতিয়াও মুক্ত হ’ব পৰা নাই৷ মোনাবাৰী বাগিচাৰ অধিকাংশ শ্ৰমিকে বৰ্তমানো হাজিৰা কৰিয়েই পেট প্ৰৱৰ্তন কৰি আছে৷
এইবাৰো নিৰ্বাচনত কিন্তু ফেক্টৰ হৈছে বাগিচাৰ ভোটাৰ৷ মোনাবাৰী অৰ্থাৎ M ফেক্টৰে ভোট দিয়া প্ৰাৰ্থীয়েই এইবাৰো জিকিব৷