অগপৰ যেতিয়া একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া ফণীভূষণ চৌধুৰী আছিল অন্যতম হোতা৷ কিন্তু প্ৰফুল্ল মহন্তৰ অগপ প্ৰগতিশীল মূল দলৰ সৈতে চামিল হোৱাৰ পূৰ্বনিশা জয়শ্ৰী গোস্বামী মহন্তই আহুকাল লগাইছিল৷ সেইবাৰ গোলাঘাটত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত একত্ৰিত হৈছিল দুয়োটা দল৷ গতিকে নিশা গুৱাহাটীৰ পৰা অধিৱেশনস্থলীলৈ ৰাওনা হৈছিল প্ৰফুল্ল মহন্ত৷পিছে মহন্তৰ সৈতে একেখন গাড়ীতে গৈছিল জয়শ্ৰী গোস্বামী মহন্ত৷ মহন্তৰ পত্নীয়েও গোলাঘাটৰ অধিৱেশনত গামোচা পিন্ধাৰ ইচ্ছা কৰিছিল৷ সেই খবৰটো আগতীয়াকৈ পাইছিল অধিৱেশনস্থলীত থকা ফণীভূষণ আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ জয়শ্ৰী গোস্বামী মহন্তৰ আগমনৰ খবৰ পাই দুয়ো অগ্নিশৰ্মা হৈ পৰিছিল৷ তাৰ পিছতে মহন্তলৈয়ো খবৰ পঠিওৱা হৈছিল৷ পিছে মহন্তৰ পত্নীও অধিৱেশনলৈ যাবৰ বাবে আঁকোৰগোজ আছিল৷
তেতিয়া ফণীভূষণে দলৰ কৰ্মকৰ্তাক জনাই দিছিল- যদি কেনেবাকৈ জয়শ্ৰী গোস্বামী গোলাঘাটত উপস্থিত হয় তেন্তে একত্ৰীকৰণেই বন্ধ কৰি দিয়া হ’ব৷ অৰ্থাৎ মহন্তৰ পত্নীয়ে গোলাঘাটত ভৰি থ’লেই দুটা দলৰ একত্ৰীকৰণ প্ৰক্ৰিয়া হৈ যাব বন্ধ৷
সেই খবৰ পোৱাৰ পিছতে মহন্তই পত্নীক কোনোৰকমে বুজাই বঢ়াই গাড়ীৰ পৰা নমালে৷ অকলে গৈ সভাত কৰিলে যোগদান৷ আমি এই কথাখিনি কোৱাৰ কাৰণ হৈছে ৰাজনীতিত পৰিয়ালবাদৰ প্ৰতি ফণীভূষণৰ ঘৃণা৷
ৰাজনীতিত পৰিয়ালৰ সদস্যৰ হস্তক্ষেপ ফণীভূষণে ইমানেই বেয়া পাইছিল যে মহন্তকে তেওঁ কটু কথা শুনাই দিছিল৷ কিন্তু সেই ফণীভূষণে পত্নীক নিৰ্বাচনৰ টিকট দিলে৷ কেৱল সেয়াই নহয়, পত্নী আৰু নিজৰ ৰাজনৈতিক সন্ন্যাসৰ ঘোষণা কৰি পুত্ৰ শান্তনুক ৰাজনীতিৰ পথাৰলৈ কৌশলেৰে আগুৱাই দিলে ফণীয়ে৷ কালি যে ফণীভূষণে ২০২৬ৰ নিৰ্বাচনত নিজে আু পত্নীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা কৰিলে সেয়া ক্ষমতা হস্তান্তৰৰ কৌশলী পদ্ধতি হিচাপে প্ৰমাণিত হৈছে৷
এই ঘোষণাৰ সময়তে ফণীয়ে লাইনত ৰাখি থৈছে নিজৰ পুত্ৰ শান্তনুক৷ তেল ডিপ’ত কাম কৰাই ইতিমধ্যে পুত্ৰক ফণীয়ে ৰাইজৰ মাজত চিনাকি কৰাই দিছে৷ গতিকে তাহানিৰ সম্ৰাট অথবা মৌজাদাৰৰ দৰে পুত্ৰক নিজৰ পদত অধিষ্ঠত কৰাটোৱেই ফণীৰ মূল লক্ষ্য৷ সেয়ে এবাৰ পত্নীৰ নামত তেওঁ নামজাৰি কৰিছে বঙাইগাঁও সমষ্টি৷