১৯৫৭ চনৰ কথা৷
তেতিয়াৰ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল বিদূষী মহিলা চন্দ্ৰপ্ৰভা শইকীয়ানী৷ তেওঁৰ আকৌ প্ৰচাৰৰ সহযোগী আছিল পুস্পলতা দাস৷
এদিন দুয়োগৰাকী বিদদূষী মহিলা এখন জীপত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল৷ তেতিয়াই তেওঁলোকে দেখিলে-দুজন ল’ৰাই চাইকেল ঠেলি ঠেলি বিপৰীত দিশৰ পৰা আহি আছে৷
দুয়ো ঘামি ভাগৰত জুৰুলি-জুপুৰি হৈছে। তেওঁলোকক দেখি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গাড়ী ৰখালে৷ তেওঁ মাতৃসূলভ মমতাৰে যুৱক দুজনক সুধিলে- ক’ৰ পৰা আহিছা?
তেতিয়া তেওঁলোকে ক’লে- আমি প্ৰজা ছচিয়েলিষ্ট দলৰ কৰ্মী। কেম্পেইনিং কৰি আহিছোঁ৷ বাটতে চাইকেল বেয়া হ’ল৷
অৰ্থাৎ তেওঁলোক আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিদ্বন্দ্বী দলৰ কৰ্মী৷ কিন্তু তেওঁলোকক দেখি কংগ্ৰেছী শইকীয়ানীৰ মৰম জাগিল৷ ভোকাতুৰ যুৱক দুজনৰ হাতত খাবলৈ যে পইচা নাই তাৰো গম ল’লে৷
শইকীয়ানীয়ে লৰালৰিকৈ বেগৰ পৰা দহটকীয়া নোট এখন উলিয়াই দিলে৷ ল’ৰা দুজনক দি ক’লে-বাটত কিবা এটা খাই লোৱাগৈ।
মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছা বুলিয়েই ভোকত থাকিবা নেকি?
এতিয়া চামগুৰিত যি হৈ আছে সেয়া শুনিলে বাৰু তাহানিৰ কথাটো সাধু যেন নালাগেনে?