অৱহেলিত শিশুৱে কান্দিছে

উচুপি উচুপি কান্দিছে মাক নোহোৱা শিশুবোৰে৷ পৰকীয়া প্ৰেমত মছগুল মাতৃ পলাই যোৱাৰ পিছত মমতাৰ পৰা বঞ্চিত সন্তানে বিচাৰিছে মৰম৷ বৰ্তমান অসমৰ ১৭৮৩ খন প্ৰাথমিক বিদ্যালয়ত আছে মাতৃহীন শিশু৷
তেওঁলোকৰ ৯০ শতাংশকে প্ৰতিপালন কৰিছে একমাত্ৰ পিতৃয়ে৷ আকৌ মাক পলাই যোৱা শিশুসকলৰ ৬০ শতাংশ হৈছে চাহ বাগিচাৰ বাসিন্দা৷
শৈশৱতে মাতৃস্নেহৰ পৰা বঞ্চিত হোৱা শিশুসকলক লৈ বিপাঙত পৰিছে বিদ্যালয়ৰ শিক্ষক৷ কাৰণ মাতৃ প্ৰেমিকৰ সৈতে অন্তৰ্ধান হোৱাৰ পিছত ভাগি পৰা শিশুসকলক অধিক মনোযোগৰ প্ৰয়োজন হৈছে৷
পলৰীয়া মাকে এৰি থৈ যোৱা সন্তানৰ অধ্যয়নতো সমস্যা সৃষ্টি হৈছে৷ বহু সন্তানে আকৌ লজ্জা অনুভৱ কৰি স্কুলেই ত্যাগ কৰিছে৷
মাকে পৰকীয়া প্ৰেমৰ বাবে ত্যাগ কৰাৰ পিছত ১৭৮৩ খন স্কুলৰ অনাথ শিক্ষাৰ্থী কান্দি-কাটি উন্মাদ হৈছে৷ কিন্তু সন্তানলৈ মনত পৰা নাই মাকৰ৷
আনহাতে মুখলজ্জাৰ বাবে পত্নীৰ পলায়নৰ পিছত স্বামীও হৈ পৰিছে বিধ্বস্ত৷ গতিকে তেওঁলোকেও সন্তানৰ প্ৰতি গুৰুত্ব নিদিয়া হৈছে৷
পলৰীয়া মাতৃৰ অৱহেলিত সন্তানক বৰ্তমান প্ৰয়োজন হৈছে চৰকাৰী যত্নৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email