শিৱসাগৰত বেপাৰ কৰিব নোৱাৰি
ডাইৰেক্ট এনেদৰে নক’লেও উৎপল বণিয়া নামৰ থলুৱা ব্যৱসায়ীগৰাকীয়ে ফে’চবুকত ক্ষোভ প্ৰকাশ কৰিছিল৷ তেওঁ কৈছিল- ব্যৱসায় সম্প্ৰসাৰণৰ পিছদিনাই শিৱসাগৰীয়া সংগঠনে তেওঁলোকৰ পৰা চান্দা বিচাৰিছে৷
কিন্তু বণিয়াই নিজৰ কথাৰ সমৰ্থনত কোনো তথ্য নিদিলে৷ তাৰ পিছতহে ওলাই পৰিল গোমৰ ফাক৷ পইচা খৰচ নকৰাকৈ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে তেওঁ কৰা চতুৰালি বেছিকৈ ধৰা পৰিল যেতিয়া এখন বিশেষ পত্ৰ ফাদিল হ’ল৷
শ্ৰমিক সজাগতা সভাৰ নিমন্ত্ৰণী পত্ৰখনে ফাদিল কৰি দিলে বণিয়াৰ চতুৰামি৷ পাব্লিছিটী ষ্টাণ্টৰ হিচাপে বণিয়াৰ বুদ্ধি ধৰা পৰিল৷
আচলতে বিশেষ ব্যৱসায়ীজনে ৰাজনৈতিক উদ্দেশ্যৰে প্ৰচাৰ লাভৰ বাবে বহুদিনৰ পৰা চেষ্টা অব্যাহত ৰাখিছে৷ সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ বহুদিন পূৰ্বেই অগপত যোগদানৰ ইচ্ছা কৰিছিল৷
সেইসূত্ৰে তেওঁৰ যোগদানো নিশ্চিত হৈছিল৷ সংগঠন শক্তিশালী কৰিব পাৰিলে ৰহা সমষ্টিত অগপৰ টিকটৰো নিশ্চিতি বণিয়াক দিছিল অগপ নেতৃত্বই৷
পিছে এইপৰ্যন্ত সেই অংকটো মিলা নাই৷ বণিয়াৰ অগপ প্ৰৱেশো সম্ভৱ হোৱা নাই৷ তথাপি তেওঁৰ অগপৰ প্ৰাৰ্থী হোৱাৰ আশাত সম্পূৰ্ণ নোহোৱা হোৱা নাই৷