অধিক শক্তিশালী হৈছে RSS

ভাৰতবৰ্ষত হিন্দু জনতা একত্ৰিত হৈ থাকিব লাগিব৷ সনাতনধৰ্মীৰ সামাজিক ঐক্য প্ৰয়োজনীয়৷ এই প্ৰয়োজন কেৱল হিন্দুৰ সংহতিৰ বাবেই নহয়, ৰাজহুৱা কল্যাণৰ বাবেহে দৰকাৰী৷- এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় শীৰ্ষ পদাধিকাৰী দত্তাত্ৰেয় হোছাবলেৰ৷
মথুৰাত অনুষ্ঠিত বৰ্ষিক বৈঠকত আৰ এছ এছৰ সাধাৰণ সম্পাদকজনে বহুদিনৰ অন্তত সনাতনী মৈত্ৰীৰ অৱলোকন কৰিলে৷ বিজয়া দশমীৰ পৰম্পৰাগত ভাষণত সৰসংঘচালক মোহন ভাগৱতে প্ৰসংগক্ৰমে হিন্দুসকলক একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ পিছত হোছাবলেয়ো সামাজিক সংহতিৰ আবেদন জনালে৷
স্বয়ংসেৱকক সম্বোধি দিয়া ভাষণত সংঘৰ দ্বিতীয শীৰ্ষ নেতাজনে ক’লে যে বৰ্তমানো ভাবধাৰা আৰু জনগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত হিন্দুসকলক বিভাজনৰ আপ্ৰাণ চেষ্টা চলাই থকা হৈছে৷ যদি বৰ্তমান সনাতনী জনতা সতৰ্ক হৈ নাথাকে তেন্তে বিভেদ অৱধাৰিত হৈ পৰিব৷ সম্প্ৰদায়, ভাষা আৰু আন পাৰ্থক্যৰ ভিত্তিত আমি বৈষম্য আৰম্ভ কৰিলেই পৰিস্থিতি হৈ পৰিব ভয়াৱহ৷
বাৰ্ষিক সভাৰ শেষত অনুষ্ঠিত অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল বৈঠকতো দত্তাত্ৰেয় হোছাবলেই ঐক্যৰ কথা দোহাৰিলে৷ দেশৰ প্ৰতিজন লোককে সুখী কৰিবলৈ হিন্দুৰ সম্প্ৰতি জৰুৰী বুলিও প্ৰকাশ কৰিলে সংঘৰ শীৰ্ষ নেতাজনে৷
আনহাতে হোছাবলেই আজি তাৎপৰ্যপূৰ্ণভাৱে সমৰ্থন কৰিলে যোগী আদিত্যনাথক৷ উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে বিভাজনৰ ফলত পতন অৱধাৰিত বুলি অভিহিত কৰিছিল৷ তেওঁৰ বক্তব্যক লৈ বিজেপিৰ অভ্যন্তৰতে বিবাদৰ সূচনা হোৱাৰ পৰত সংঘৰ স্থিতি স্পষ্ট কৰিলে হোছাবলেই৷ আৰ এছ এছৰ বাবে যে মোদীৰ তুলনাত যোগীহে অধিক গুৰুত্বপূৰ্ণ সেয়াও তেওঁ প্ৰতিপন্ন কৰিলে৷ হোছাবলেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক সমৰ্থন কৰি ক’লে যে সমগ্ৰ পৃথিৱীৰ হিন্দুৱে স্বধৰ্মী ভাৰতীয়ৰ সহায়ৰ বাবে আশাৰে বাট চাই আছে৷
লোককল্যাণৰ অৰ্থে হিন্দু একতা অতীব প্ৰয়োজনীয় বুলি অভিহিত কৰি তেওঁ সকলোকে দ্বেষ ত্যাগৰো আহ্বান জনালে৷ হোছাবলেই প্ৰকাশ কৰা অনুসৰি বৰ্তমান দেশত আৰ এছ এছৰ শাখা ৭২,৩৫৪টালৈ বৃদ্ধি হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ঠায়ে ঠায়ে ধৰ্মান্তৰকৰণ আৰু পূজাৰ সময়ত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ কথাও আজি ব্যাখ্যা কৰে নেতাজনে৷ তেওঁ কয় যে হিন্দুসকল আত্মৰক্ষাৰ বাবে সক্ষম হোৱা প্ৰয়োজন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email