পূজা নিষিদ্ধ, অন্যথা মৃত্যুদণ্ড

হিন্দুশূন্য হ’ব বাংলাদেশ
বাংলাদেশত থাকিব নোৱাৰিব কোনো হিন্দু
প্ৰাণৰক্ষা কৰিবলৈ সকলো হিন্দুৱে গ্ৰহণ কৰিব লাগিব ইছলাম ধৰ্ম
অন্যথা হত্যা কৰা হ’ব প্ৰতিজন হিন্দুক৷ পূজা কৰিলেই হিন্দুক হত্যা কৰিব বুলিও মৌলবাদীয়ে ঘোষণা কৰিছে৷ মুছলমানৰ ভেশ ধৰি থাকিলেও বাংলাদেশী হিন্দুক হত্যা কৰা হ’ব ৰাজহুৱা ঘোষণা কৰিছে মৌলবাদীয়ে৷
এই ঘোষণা বাংলাদেশত গোপন হৈ থকা নাই৷ মৌলবাদী সংগঠনে ৰাজহুৱা জাননী জাৰি কৰিয়েই ধৰ্মত্যাগ কৰিবলৈ নিৰ্দেশ দিছে নিৰীহ হিন্দুক৷
বাংলা আৰু ইংৰাজীত প্ৰচাৰ কৰা উক্ত জাননী অনুসৰি হিন্দুৱে মূৰ্তি পূজা কৰি ইছলামৰ নবীক অপমান কৰিছে৷ লক্ষ্মীপূজাত আম্ৰপত্ৰৰ পূজাও হৈছে ইছলাম পৰিপন্থী৷ গতিকে এতিয়াৰ পৰা কোনো হিন্দুৱে বাংলাদেশত পূজা কৰিব নোৱাৰিব৷
তদুপৰি হিন্দুধৰ্মীয়ে ঘৰৰ দুৱাৰত দেৱ-দেৱতাৰ মূৰ্তি অঁকাও নিষেধ কৰিছে মৌলবাদীয়ে৷ নবীৰ প্ৰতি এয়া অপমান বুলি অভিহিত কৰি জেহাদীয়ে ৱাৰ্নিং দিছে সাধাৰণ হিন্দু জনতাক৷
আনহাতে ইস্কন মন্দিৰকো নিষিদ্ধ ঘোষণা কৰিছে মৌলবাদীয়ে৷ যিসমূহ হিন্দু পৰিয়ালে ইস্কন মন্দিৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব সকলোকে শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে বাংলাদেশৰ ইছলামিক সংগঠনে৷
হিন্দুধৰ্মীয় উৎসৱত ঢাক-ঢোল বজোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছে এই সংগঠনে৷ ইছলামিক বিধি অনুসৰি পাপ কৰিলেই চৰম শাস্তি বিহা হ’ব বুলি সংগঠনটোৱে জনাই দিছে হিন্দুসকলক৷
এই জাননীৰ পিছতো কিন্তু চৰকাৰে সুৰক্ষা দিয়া নাই হিন্দুসকলক৷ ফলত দলে বলে ইছলাম কবুল কৰিবলৈ বাধ্য হৈছে নিৰীহ হিন্দু৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email