কাৰ ঘৰলৈ গৈছে অসমৰ CM

ঝাৰখণ্ডত বিজেপি নেতাৰ ঘৰত মিতিৰ খাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ কাৰণ তেওঁ চলাবলগীয়া হৈছে অপাৰেশ্যন বাগি ক্লীন ৷
কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে ঝাৰখণ্ডৰ দলীয় বিসম্বাদ শাম কটোৱাৰ বাবে অপাৰেশ্যন বাগি ক্লীন চলাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ গুৰুত্ব প্ৰমাণিত কৰা শৰ্মাকে দলৰ নেতৃত্বই প্ৰদান কৰিছে সকলোকে সন্তুষ্ট কৰাৰ দায়িত্ব৷ সেই দায়িত্ব অনুসৰিয়েই বিজেপিৰ কেন্দ্ৰীয় ৰাজনীতিত শক্তিশালী স্থান দখল কৰা মুখ্যমন্ত্ৰীয়ে বিদ্ৰোহী প্ৰাৰ্থীক বুজাই-বঢ়াই ঘৰলৈ ওভতাই নিছে৷
নিৰ্বাচন আসন্ন ঝাৰখণ্ডত দলটোৰ সহ:প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই বিসম্বাদীক পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ৰাজ্যখনৰ গিৰিদিহ জিলাৰ ৰাজধনৱাৰ, গিৰিদিহকে ধৰি চাৰি সমষ্টিৰ যিকোনো এটাৰ পৰা টিকট বিচাৰিছিল ডা: ৰবীন্দ্ৰ ৰায়ে৷
কিন্তু প্ৰাৰ্থিত্ব নোপোৱাৰ খঙত তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা কৰিছিল৷ তাৰ পিছতে তেওঁৰ ঘৰলৈ গৈ সন্তুষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ বিজেপিৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত কৰে৷
পোটকা সমষ্টিত আকৗ টিকট বিচাৰিছিল মেনকা চৰ্দাৰে৷ পিছে তাত প্ৰাৰ্থিত্ব লাভ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পত্নী মীৰা মুণ্ডাই৷ গতিকে মেনকায়ো বিজেপি ত্যাগ কৰিছিল৷ পিছে অসমৰ মুখ্যমন্ত্ৰীৰ মধ্যস্থতাত মেনকাই দলত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে৷
একেদৰে ৰাঁচীৰ পৰা মুনচুন ৰায়েও নিৰ্দলীয় হিচাপে অৱৰ্তীণ হোৱাৰ প্ৰস্তুতি চলাইছে৷ কংকি সমষ্টিত প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত দলত্যাগ কৰা কমলেশ ৰামৰ ঘৰতো উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মা৷
তেৱেঁই ৰাজ্যখনত হৈ পৰিছে দলৰ ত্ৰাণকৰ্তা৷ ঝাৰখণ্ডত সংকটমোচক হিচাপে অবিৰাম অভিযান চলাই আছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ কিন্তু ইতিমধ্যে লুইছ মাৰাণ্ডী, গণেশ ম’হান্তিকে ধৰি কেবাজনো শীৰ্ষনেতাই দল ত্যাগ কৰিছে৷
পিছে শেহতীয়াকৈ বিদ্ৰোহ কৰাসকলক দলৰ মজিয়াত ধৰি ৰাখিবলৈ সক্ষম হৈছে ড: শৰ্মা৷ অপাৰেশ্যন বাগি ক্লীন হৈ পৰিছে তেওঁৰ শক্তিশালী অভিযান৷ শেহতীয়াকৈ মিছিৰ কুজুৰ নামৰ বিদ্ৰোহী প্ৰাৰ্থীৰো ঘৰলৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email