মৌলবাদীৰ দখলাধীন বাংলাদেশত নগুৰ-নাকতিৰ সন্মুখীন হৈছে সংখ্যালঘু হিন্দু৷ মহম্মদ ইউনুছে যিমানেই ধৰ্মনিৰপেক্ষতাৰ কথা নকওক কিয়, ইছলামিক মোল্লাৰ আক্ৰোশৰ বলি হৈছে হিন্দু বাংলাদেশী৷ শ্বেখ হাছিনাৰ শাসনকালত সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰা সংখ্যালঘু জনতা পদে পদে বলি হৈছে অন্যায়ৰ৷
ন’বেলজয়ী ইউনুছক পুতলা সাজি যে মৌলবাদী শক্তিয়ে বাংলাদেশত ৰাজত্ব কৰিছে সেয়াও প্ৰতিপন্ন হৈছে৷ আনকি প্ৰাথমিক শিক্ষাৰ পৰাও বঞ্চিত কৰা হৈছে হিন্দু জনতাক৷ তদাৰকী শাসক ইউনুছে ঢাকেশ্বৰী মন্দিৰত চাকি জ্বলাই নিৰপেক্ষতাৰ ঘোষণা কৰাৰ সময়ত সলনি কৰা হৈছে শিক্ষানুষ্ঠানৰ মাচুল৷
তদানুসৰি এতিয়াৰ পৰা বিদ্যা লাভৰ বাবে মুছলমান শিক্ষাৰ্থীৰ তুলনাত অধিক ধন ভৰিব লাগিব হিন্দুসকলে৷ চৰকাৰী সিদ্ধান্তৰ পিছতে সকলো শিক্ষানুষ্ঠানে মাচুলৰ গাঁথনি সলনি কৰিছে৷ জাৰি হোৱা অধিসূচনা অনুসৰি ডিগ্ৰী কলেডত নামভৰ্তিৰ বাবে মুছলমান শিক্ষাৰ্থীয়ে দিব লাগিব ২,৯১৫ টাকা৷ কিন্তু একেটা পাঠ্যক্ৰমৰে শিক্ষা গ্ৰহণ কৰিবলৈ হিন্দু ছাত্ৰ-ছাত্ৰীৰ মাচুল হৈছে ৩,০৮০ টকা৷
অৰ্থাৎ শিক্ষাৰ অধিকাৰ বাংলাদেশত সকলোৰে বাবে সমান হৈ থকা নাই৷ একেদৰে প্ৰাথমিক বিদ্যালয়তো মাচুলৰ হাৰ সলনি কৰা হৈছে৷ মুছলমানৰ বাবে ৰেহাই বাহাল আছে যদিও হিন্দুৰ ওপৰত জাপি দিয়া হৈছে কৰৰ বোজা৷ চৰকাৰী যোগান প্ৰণালীতো ইউনুছৰ চৰকাৰে বহু সালসলনি কৰিছে৷ এতিয়াৰ পৰা বাংলাদেশৰ হিন্দুসকলক তাকৰীয়া পৰিমাণৰ খাদ্যসামগ্ৰীহে যোগান ধৰা হ’ব বুলি সিদ্ধান্ত লৈছে প্ৰশাসনে৷
কিন্তু একেটা অঞ্চলৰে মুছলমান নাগৰিকে লাভ কৰিছে সৰহীয়া বয়-বস্তু৷ শিক্ষাৰ পৰা খাদ্যলৈ সকলো দিশতে ইউনুছ চৰকাৰৰ বৈষম্যৰ চিকাৰ হৈছে হিন্দু বাংলাদেশী৷ কিন্তু তেওঁলোকৰ চিৎকাৰো হৈ পৰিছে অনৰ্থক৷ মৌলবাদীৰ আধিপত্যৰ ফলত শোষণৰ চিকাৰ হৈছে বাংলাদেশৰ হিন্দু বাঙালী৷ বাংলা ভাষাৰ ঐক্যও তেওঁলোকৰ বাবে হৈ পৰিছে অনৰ্থক৷